মধ্য প্রদেশত ভুৱা চিকিৎসকৰ নিদানত ৭জনৰ মৃত্যু

dainik janambhumi April 07, 2025

ডিজিটেল ডেস্কঃ  মধ্য প্রদেশৰ ডেমহ জিলাৰ এখন মিছনাৰী হস্পিটেলত ভুৱা হৃদৰোগ বিশেষজ্ঞ এজনে ৰোগীক চিকিৎসা কৰাৰ পাছত সাতজনকৈ লোকে প্রাণ হেৰুৱায়। ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে এই শোকাৱহ ঘটনাটো পোহৰলৈ আনে। মানৱাধিকাৰ আয়োগে এই বিষয়ত এটা তদন্ত আৰম্ভ কৰি এই মাৰাত্মক ভুৱা চিকিৎসকৰ চিকিৎসা-কাণ্ড পোহৰলৈ আনে।

মানৱাধিকাৰ আয়োগৰ দল এটা ডেমহলৈ গৈ এই ঘটনাত জড়িত ভুৱা চিকিৎসকজনৰ চিকিৎসা-কাণ্ডৰ বিহিত ব্যৱস্থ ল'ব। বিদেশী মেডিকেল শিক্ষা প্রতিষ্ঠানৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্রীধাৰী বুলি দাবী কৰা এই ভুৱা চিকিৎসক নৰেন্দ্ৰ বিক্রমাদিত্য যাদৱে ব্রিটেইনৰ কার্ডিঅ'লজিষ্ট প্ৰফেছৰ জন কামৰ নামটো চিকিৎসাৰ সময়ত ব্যৱহাৰ কৰি আছে বুলি অভিযোগ উঠিছে।

উল্লেখযোগ্য যে, ভুৱা চিকিৎসকজনে ১৫টাকৈ অস্ত্রোপচাৰ সম্পন্ন কৰিছিল।

Share This