নৱবৰ্ষৰ প্ৰথমার্ধতে ৭টা মহাকাশ অভিযান

dainik janambhumi January 02, 2026

ডিজিটেল ডেস্ক : নৱবৰ্ষৰ আৰম্ভণিতে মহাকাশত নিজৰ স্থিতি অধিক সবল কৰাৰ বাবে কেইবাটাও অভিলাসী আঁচনি গ্রহণ কৰিছে ভাৰতে। ইতিমধ্যে বিগত প্রায় এটা দশকত চন্দ্রযান অভিযান, মংগলযান অভিযান আদিৰে ভাৰতে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত কেইবাটাও অভিলেখৰ সৃষ্টি কৰিছে। মংগলযান অভিযানৰ প্রথম প্রচেষ্টাতে সফল হোৱা ভাৰত বিশ্বৰ প্ৰথমখন ৰাষ্ট্র। ভাৰতৰ এনে সেন্দূৰীয়া যাত্রাক অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ২০২৬ বৰ্ষৰ প্ৰথম তিনি মাহৰ ভিতৰত ৭টাকৈ মহাকাশ অভিযান চলাব ভাৰতীয় মহাকাশ গবেষণা সংস্থা, চমুকৈ ইছৰ'ৱে। ইয়াৰ ভিতৰত আছে গগনযান অভিযান। 

বছৰটোৰ আৰম্ভণিতে ভাৰতে মানৱবিহীন গগনযান অভিযান চলাব। এই অভিযানক চালকৰ আসনত থাকি নেতৃত্ব দিব 'ব্যোমমিত্র' নামৰ এটা ৰবটে। এই অভিযানৰ সফলতাই ভাৰতক মহাকাশত শক্তিশালী স্থিতি থকা চাৰিখন ৰাষ্ট্ৰৰ ভিতৰত অন্যতম হিচাপে চিনাকি দিয়াৰ আশা কৰিছে মহাকাশ বিজ্ঞানীসকলে। তদুপৰি ২০২৬ বৰ্ষত ভৰতে এল ভি এম-৩ ৰকেটৰ জৰিয়তে আমেৰিকাৰ ম'বাইল যোগাযোগ সম্পর্কীয় কৃত্রিম উপগ্রহ 'ব্লুবার্ড-৬'ক মহাকাশত সংস্থাপিত কৰিব। অলপতে কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে সংসদত এই তথ্য প্রকাশ কৰিছিল। ইফালে নতুন বছৰটোত ভাৰতৰ প্ৰথমখন ঔদ্যোগিক প'লাৰ ছেটেলাইট লঞ্চ ভেহিকল (পি এছ এল ভি) মহাকাশলৈ প্ৰেৰণ কৰিব। এই মহাকাশযানে 'অচনছেট' কৃত্রিম উপগ্রহটো মহাকাশত সংস্থাপিত কৰিব। তদুপৰি পি এছ এল ভিয়ে বছৰটোত ইণ্ডো-মৰিছাছ যুটীয়া কৃত্রিম উপগ্রহ আৰু 'লিপ-২' নামৰ আন এটা কৃত্রিম উপগ্রহ পিঠিত লৈ মহাকাশলৈ উৰা মাৰিব। 

আনফালে বছৰটোৰ প্ৰথমতেই ইছৰ'ৰ পি এছ এল ভিয়ে পৃথিৱী নিৰীক্ষণ বিষয়ক এটা কৃত্রিম উপগ্রহ (ই অ' এছ-এন১) কক্ষপথত সংস্থাপন কৰিব লগতে তাৰ পৰৱৰ্তী পদক্ষেপ হিচাপে ভাৰত আৰু অন্যান্য দেশৰ ১৮টা সৰু কৃত্রিম উপগ্রহ কক্ষপথলৈ লৈ যাব পি এছ এল ভিয়ে। ইফালে ২০২১ চনত মহাকাশলৈ প্ৰেৰণ কৰা 'জি আই এছ এ টি-১' কৃত্রিম উপগ্রহটো কক্ষপথত উপনীত হোৱাত ব্যৰ্থতাৰ পাছত ২০২৬ বৰ্ষত ভাৰতে 'জি এছ এল ভি-এম কে২' ৰকেটৰ জৰিয়তে 'ই অ'এছ-৫' বা 'জি আই এছ এ টি-১এ' কৃত্রিম উপগ্রহ মহাকাশলৈ প্ৰেৰণ কৰাৰ সম্ভাবনা আছে। ২০২৬ বৰ্ষৰ শেষৰ ফালে ভাৰতে মহাকাশলৈ আন এটা মানৱবিহীন অভিযান চলোৱাৰ আঁচনি লৈছে। উল্লেখযোগ্য যে ২০২৭ চনত ইছৰ'ৱে মহাকাশৰ নিম্ন কক্ষপথলৈ মহাকাশচাৰী প্ৰেৰণৰো অভিলাসী আঁচনি লৈছে।

Share This