ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা 

dainik janambhumi July 30, 2025

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিম টেষ্টৰ বাবে ভাৰতীয় দলৰ ক'চিং ষ্টাফে একাধিক পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে। মৰণপণ অভেল টেষ্টখনৰ বাবে ভাৰতীয় দল গঠনক লৈ ইতিমধ্যেই আৰম্ভ হৈছে জল্পনা। অ'ল্ড ট্রেফ'ৰ্ডৰ চতুৰ্থ টেষ্টত স্নায়ুৰ চাপত ভোগা আৰু দুৰ্বল প্রদর্শন দাঙি ধৰা পেচাৰ অনছুল কমবুজৰ সলনি ফিট হৈ উঠা আকাশদীপক দলভুক্ত কৰা হ'ব পাৰে। 

এক সংবাদ প্রতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি হাতৰ আঙুলিৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছে অৰ্শদীপ সিং আৰু বাওঁহতীয়া পেচাৰগৰাকীৰ টেষ্টত অভিষেক ঘটিব পাৰে। অৱশ্যে, মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে মাঞ্চেষ্টাৰ টেষ্টখন ড্ৰৰে সমাপ্ত হোৱাৰ পাছত দলৰ কেউগৰাকী পেচাৰ বৰ্তমান ফিট হৈ আছে বুলি জানিবলৈ দিয়ে। গম্ভীৰে অৱশ্যে অন্তিম টেষ্টখনত যশপ্রীত বুমৰাহ আৰু মহম্মদ ছিৰাজৰ অংশগ্রহণ সন্দর্ভত জল্পনা-কল্পনা জীয়াই ৰাখিলে। ইফালে, পূৰ্বে কৰা ঘোষণা অনুসৰি বুমৰাহে ইতিমধ্যেই তিনিখন টেষ্টত খেলিলে। পিছে শৃংখলা নিৰ্ণায়ক টেষ্টখনৰ বাবে সেই সিদ্ধান্ত সলনি হ'বও পাৰে। 

যদি সিদ্ধান্ত সলনি নহয় তেন্তে অৰ্শদীপৰ অভিষেক একপ্ৰকাৰ নিশ্চিত। আনহাতে, কুলদীপ যাদৱক মূল একাদশত স্থান দিয়াৰ দাবী পূৰ্বৰ তুলনাত সজোৰে বৃদ্ধি পাইছে। তেওঁ অলৰাউণ্ডাৰ ছাৰ্দুল ঠাকুৰৰ স্থান ল'ব পাৰে। এই সালসলনি অৱশ্যে নিশ্চিত কৰা হোৱা নাই। কিন্তু ধ্রুৱ জুৰেলে ঋষভ পণ্টৰ স্থান পূৰ কৰিব, সেয়া নিশ্চিত। উল্লেখযোগ্য যে ভৰি ভগাৰ বাবে পণ্ট ইতিমধ্যেই শৃংখলাৰ পৰা বাহিৰ হৈছে।

Share This