হুথী নিয়ন্ত্ৰিত চৰকাৰৰ প্রধানমন্ত্রীসহ কেইবাজনো মন্ত্রী নিহত

dainik janambhumi September 01, 2025

ডিজিটেল ডেস্কঃ য়েমেনৰ ৰাজধানী ছানাত হুথী বিদ্রোহীৰ নিয়ন্ত্রণাধীন চৰকাৰখনৰ প্রধানমন্ত্রীজন ইজৰাইলৰ বিমান আক্রমণত নিহত হয়। হুথী বিদ্রোহীৰ গোটটোৱে শনিবাৰে এই তথ্য প্রকাশ কৰে। ইৰান সমৰ্থিত হুথী বিদ্রোহীৰ বিৰুদ্ধে ইজৰাইল-আমেৰিকাই চলাই থকা যুদ্ধখনৰ সবাতোকৈ জ্যেষ্ঠ হুথী নেতাজনেই হৈছে এই প্রধানমন্ত্রীজন।

বিদ্রোহী গোটটোৱে এটা বিবৃতিযোগে কয় যে বৃহস্পতিবাৰে ইজৰাইলে চলোৱা এটা ভয়ংকৰ আক্ৰমণত হুথী প্রধানমন্ত্রী আহমেদ আল-বাহায়ীসহ কেইবাজনো মন্ত্রী নিহত  হয়। আনহাতে, হুথী চৰকাৰৰ কেই যেবাজনো মন্ত্রী-বিষয়া এই আক্রমণত আহত হয়। হুথী নিয়ন্ত্রিত চৰকাৰখনে ইয়াৰ কাম-কাজৰ বিষয়ত নিয়মীয়া পর্যালোচনা সভা অনুষ্ঠিত কৰি থকাৰ সময়তে এই আক্রমণ ইজৰাইলে সংঘটিত কৰে।

আনহাতে, গাজাত যুদ্ধৰ শেহতীয়া পৰিস্থিতিৰ শেহতীয়া তথ্য শ্বেয়াৰ কৰি ইজৰাইলৰ বিৰুদ্ধে প্রতিশোধ ল'বলৈ বিদ্রোহী গোটটোৰ নেতা আব্দুল মালিক আল-হুথী চৰকাৰী টেলিভিছনযোগে ভাষণ দিয়াৰ পাছতেই ইজৰাইলে বৃহস্পতিবাৰে নিশা এই আক্ৰমণ কৰে।

Share This