ডিজিটেল ডেস্ক : কালি পুৱতি নিশা অহা ৫.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই মৰিগাঁও জিলাক তীব্রভাবে জোকাৰি যায়। ভূমিকম্পৰ জোকাৰণিত জনসাধাৰণৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। আনহাতে, ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণিত বিতত হৈ ততাতৈয়াকৈ শোৱাপাটী এৰি বাহিৰলৈ অহাৰ ফলত খুন্দা খাই ভালেমান লোক আঘাতপ্রাপ্ত হোৱাৰ বাতৰি লাভ কৰা গৈছে।
ইয়াৰ ভিতৰত গুৰুতৰ আঘাতপ্রাপ্ত তিনিজন মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ভূমিকম্পৰ তীব্ৰ জোকাৰণিত ভয়ত বিতত হৈ শোৱাপাটী এৰি ঘৰৰ বাহিৰলৈ ওলাওঁতে মৰিগাঁও চহৰৰ বাকৰিগাঁও নিৱাসী নিৰজ কুমাৰ নামৰ এজন লোকৰ মূৰত আঘাতপ্রাপ্ত হৈ আহত হোৱাৰ তথ্য লাভ কৰা গৈছে।
তদুপৰি, ভূমিকম্পৰ ফলত ন-দলবৰিৰ জয়মতী দেউৰী নামৰ সত্তৰোৰ্দ্ধৰ মহিলাগৰাকীয়ে মূৰত, মৰিগাঁও চহৰৰ নভেটিৰ উত্তম ডেকা আহত হৈ চিকিৎসাধীন হৈ আছে। আনহাতে, পুৱতি নিশা অহা ভূমিকম্পৰ ফলত বিভিন্ন পকী ঘৰ আদিত কম-বেছি পৰিমাণে ফাট মেলাৰ তথ্য লাভকৰাৰ সমান্তৰালকৈ ভূমিকম্পৰ তীব্ৰ জোকাৰণিৰ বাবে মৰিগাঁৱৰ মানিপুৰৰ এখন পকী দলঙত বৃহৎ বৃহৎ ফাট মেলা বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে।