ডিজিটেল ডেস্ক : চন ১৯৪২। ভাৰত ত্যাগ আন্দোলনৰ প্রতিবাদত কঁপি উঠিছিল সমগ্র দেশ। কঁপি উঠিছিল অসমৰ লগতে গহপুৰৰ আকাশ-বতাহ। '৪২ৰ এই আন্দোলনত এগৰাকী যুৱতীয়ে হাতত জাতীয় পতাকা লৈ গহপুৰ থানালৈ ৰাওনা হওঁতেই ব্ৰিটিছৰ বন্দুকৰ গুলীত প্ৰাণ হেৰুৱাইছিল। তেওঁ আছিল মাত্র ১৭ বছৰ বয়সতে দেশৰ হকে প্রাণ আহুতি দিয়া প্রথমগৰাকী অসমীয়া মহিলা শ্বহীদ কনকলতা বৰুৱা। সেই দিনটো আছিল ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ। সেই ২০ ছেপ্টেম্বৰৰ দিনটো অৰ্থাৎ কনকলতা বৰুৱাৰ স্মৃতি দিৱসৰ প্রাকক্ষণত মুক্তি দিবলৈ সাজু হৈছে এখন দেশপ্রেমমূলক ছবি 'শ্বহীদ প্রণামো তোমাক'।
ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক চন্দ্ৰ মুদৈৰ কাহিনী-চিত্ৰনাট্য-সংলাপ তথা পৰিচালনাৰে নিৰ্মিত ছবিখনৰ কাহিনী অৱশ্যে সামান্য পৃথক। পৰিচালকে জানিবলৈ দিয়া অনুসৰি ছবিখনৰ কাহিনী এগৰাকী অসমীয়া বিপ্লৱী কিশোৰীৰ। অসমক ভাৰতৰ পৰা মুক্ত কৰাৰ স্বপ্নত উদ্বাউল হৈ তেওঁ নিজৰ সমবয়সীসকলৰ সৈতে উগ্ৰপন্থাৰ পথত আগবাঢ়ে। কিন্তু তেওঁৰ এই বিভ্রম ভাঙি পৰে যেতিয়া তেওঁ মুখামুখি হয় ভাৰতৰ স্বাধীনতা সংগ্রামী কনকলতা বৰুৱাৰ অমৰ সাহসিকতাৰ সৈতে। কৈশোৰ বয়সতে কনকলতাই ভাৰতৰ স্বাধীনতাৰ বাবে জীৱন আহুতি দিয়া জীৱন-গাথাই তেওঁৰ চকু খুলি দিয়ে। এই বৈসাদৃশ্যৰ মাজেৰে তেওঁ উপলব্ধি কৰে স্বাধীনতাৰ প্ৰকৃত অর্থ, ত্যাগৰ মহিমা আৰু নিজৰ জাতীয় পৰিচয়। এ এম টেলিভিছনৰ বেনাৰত ড° সঞ্জীৱ নাৰায়ণ আৰু লোকনাথ ডেকাই প্রযোজনা কৰা বাণিজ্যিক তথা দেশপ্রেমমূলক ছবিখন অহা ১৯ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ আহিব। ছবিখনৰ কার্যবাহী প্রযোজক ডাঃ হিতেশ বৰুৱা আৰু জামাল আহমেদ ৰাও। প্রযোজনা নিয়ন্ত্রক খৰ্গেশ্বৰ বৰা, জিৎ শৰ্মা আৰু কমলেশ শইকীয়া। মুখ্য সহকাৰী পৰিচালক দীপক ৰয় আৰু সহকাৰী পৰিচালক স্বপ্নজিৎ বৰকাকতী। সংগীত পৰিচালনা কৰিছে ডাঃ হিতেশ বৰুৱা, অজয় ফুকন আৰু তপন কাকতীয়ে। আৱহ সংগীত কৰিছে মনীষ দাস আৰু নীলোৎপলে। ছবিখনত সন্নিৱিষ্ট গীতসমূহত কণ্ঠ নিগৰাইছে ক্রমে- সীমান্ত শেখৰ, পদ্মনাভ বৰদলৈ, অজয় ফুকন, প্রাঞ্জল পৰশ, ৰিচি, প্রণামিকা গোস্বামী, প্রিয়ংকা ভৰালী, বন্দিতা দাস, মাধুৰী গগৈ আৰু ঋষিয়ে। গীতিকাৰ- পৰিচালক চন্দ্ৰ মুদৈ। শব্দগ্রহণকাৰী পলাশ গগৈ আৰু উদ্দীপ্ত। শব্দসজ্জা তথা অতিৰিক্ত শব্দ নিয়ন্ত্রক হেঙুল মেধি আৰু যতীন শর্মা। কলা নির্দেশক জ্যোতি শংকৰ ভট্টাচার্য। সাজ-সজ্জা ৰ'জী বৰা আৰু ভাগ্যৰ। ৰূপসজ্জা বিশ্বজিৎ দাস আৰু ধন ডেকাৰ। নৃত্য নির্দেশনা কৰিছে জিনি মহলীয়া আৰু সমীৰ বুঢ়াগোহাঁয়ে। ছবিখন সম্পাদনা কৰিছে শ্যামল দাস আৰু ৰিতুৰঞ্জন হাতীমূৰীয়াই। ভি এফ এ কৰিছে ৰঞ্জন বৰ্মা, অভিজিৎ আৰু সিদ্ধার্থই।
উল্লেখযোগ্য যে ৰূপালী পর্দাত শেষবাৰলৈ 'শ্বহীদ প্রণামো তোমাক' ছবিখনৰ জৰিয়তে দেখিবলৈ পোৱা যাব নিপন গোস্বামীক। তেওঁৰ জীৱিত কালতে কেইবাবছৰৰ পূৰ্বে দৃশ্যগ্ৰহণ কৰা হৈছিল ছবিখন। অসমৰ বিভিন্ন প্ৰান্তৰত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ দৃশ্যগ্ৰহণকাৰী নৱ কুমাৰ দাস। প্রয়াত নিপন গোস্বামীৰ লগতে ছবিখনত অভিনয় কৰিছে ক্রমে-উর্মিলা মহন্ত, দেৱাশিস বৰঠাকুৰ, ৰীণা বৰা, জুৰি শৰ্মা, মণিমালা বৰুৱা, ডাঃ তপন শর্মা, যতীন খনিকৰ, দ্বীপজ্যোতি কেওট, দীপক ৰয়, অশ্রুমণি বৰা, পাপৰি বৰা, গৰিমা কাশ্যপ, লোকেশ্বৰ ৰাভা, প্রদীপ দুৱৰা, দিলীপ ৰাভা, স্বপ্নজিৎ বৰকাকতী, প্রশান্ত দাস, নীলু শর্মা, হেমচৰণ কলিতা, কৰ্ণ ৰাভা, অমূল্য কলিতা, ৰীণা মেধি আৰু পুষ্প মিছঙে।