১৬ বছৰৰ পাছত বিশ্ব কাপৰ শীৰ্ষক গীতত শ্বাকিৰা

dainik janambhumi May 10, 2026

ডিজিটেল ডেস্ক: ফিফা বিশ্ব কাপৰ জ্বৰে বিশ্বক ইতিমধ্যে আক্রান্ত কৰিবলৈ লৈছে। ইয়াৰ মাজতে ১৬ বছৰৰ পাছত ফিফা বিশ্ব কাপত কলম্বিয়াৰ প্ৰখ্যাত গায়িকা শ্বাকিৰাক পুনৰ চৰ্চা আৰম্ভ হৈছে। ইয়াৰ কাৰণ হ'ল এইবাৰৰ বিশ্ব কাপৰ শীৰ্ষক গীতত শ্বাকিৰায়ো কণ্ঠদান কৰাটো। প্রতিযোগিতাৰ আনুষ্ঠানিক শীর্ষক সংগীত 'ডাই ডাই'ত শ্বাকিৰাৰ কণ্ঠৰ যাদু পুনৰ শুনিবলৈ পোৱা যাব। 


উল্লেখযোগ্য যে শ্বাকিৰাই ইয়াৰ আগতে ২০১০ চনৰ বিশ্ব কাপৰ শীৰ্ষক গীততো কণ্ঠদান কৰিছিল। অভিলেখৰ সৃষ্টি কৰিছিল। সেইবাৰ ৱাকা ৱাকা গীতটোৱে বিশ্ব অভিলেখৰ সৃষ্টি কৰিছিল। এই গানটো সেই সময়ত ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে শ্বাকিৰাৰ গীতৰ সুৰৰ তালে তালে নৃত্য কৰাও দেখা পোৱা গৈছিল। 

শ্বাকিৰাই বিশ্ব কাপৰ শীৰ্ষক গীতৰ টিজাৰ তেওঁৰ ইনষ্টাগ্রাম একাউণ্টত প্রকাশ কৰে। গীতটোৰ শেষৰ ফালে ষ্টেডিয়ামৰ টপ এংগল দেখুওৱা হৈছে য'ত লিখা আছে 'আমি সাজু'। শ্বাকিৰাৰ বিশ্ব কাপৰ শীৰ্ষক সংগীতটো ১৪ মে'ত সম্পূৰ্ণৰূপে মুকলি কৰা হ'ব।

Share This