ডিব্ৰুগড়ত শ্বাকিৰাৰ সংগীতানুষ্ঠানৰ পৰিকল্পনা চৰকাৰৰ

dainik janambhumi February 02, 2026

ডিজিটেল ডেস্ক: অসমৰ কনছার্ট পর্যটনক জনপ্ৰিয় কৰাৰ অভিলাষী লক্ষ্যৰে ৰাজ্য চৰকাৰে ডিব্ৰুগড়ত আন্তঃৰাষ্ট্ৰীয় পপ তাৰকা শ্বাকিৰাৰ এক অনুষ্ঠানৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। কালি অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাই এই কথা ঘোষণা কৰে। 

চৰকাৰৰ কনছাৰ্ট পৰ্যটনৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰি বৰুৱাই কয় যে যোৱা বছৰৰ ডিচেম্বৰ মাহত গুৱাহাটীত আমেৰিকান ৰেপাৰ পোষ্ট মেলনৰ সফল কনছাৰ্টৰ পাছত পর্যটন বিভাগে এতিয়া গ্রেমী বঁটা বিজয়ী কলম্বিয়ান শিল্পীগৰাকীক ৰাজ্যৰ দ্বিতীয় ৰাজধানী স্বৰূপ ডিব্ৰুগড়লৈ অনাৰ লক্ষ্য নির্ধাৰণ কৰিছে। বৰুৱাই কয়, 'আমি ডিব্ৰুগড়ত আমাৰ পৰৱৰ্তী অনুষ্ঠানটোৰ বাবে শ্বাকিৰাক আমন্ত্রণ জনোৱাৰ সম্ভাৱনা সক্রিয়ভাৱে পৰীক্ষা কৰি আছোঁ। ই কেৱল ডিব্ৰুগড়ক আন্তঃৰাষ্ট্ৰীয় বিনোদনৰ মানচিত্রত স্থান দিয়াই নহয়, থলুৱা আতিথ্য আৰু পৰিবহণ খণ্ডকো বৃহৎ গতি প্ৰদান কৰিব। ডিব্ৰুগড়ৰ বহুমুখী ক্রীড়া প্ৰকল্পৰ ষ্টেডিয়ামখন ৩৫,০০০ দর্শক বহিব পৰাকৈ উন্নীত কৰা হৈছে। তাতে এই অনুষ্ঠানৰ আয়োজন কৰাৰ পৰিকল্পনা চলিছে।' 

অধ্যক্ষগৰাকীয়ে জনোৱা মতে, পর্যটন উদ্যোগৰ এই উদীয়মান দিশটোক জনপ্ৰিয় কৰিবলৈ অসম চৰকাৰে ২০২৫ চনত বিশেষভাৱে 'কনছার্ট পর্যটন নীতি' গ্ৰহণ কৰিছিল। এই নীতিৰ মূল লক্ষ্য হ'ল অসমক আন্তঃৰাষ্ট্ৰীয় সংগীত অনুষ্ঠান আৰু সাংস্কৃতিক প্ৰদৰ্শনৰ বাবে এক পচন্দৰ স্থান হিচাপে গঢ়ি তোলা, যাৰ জৰিয়তে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় ধৰণৰ পৰ্যটকক আকৰ্ষিত কৰিব পৰা যায়। বৰুৱাই লগতে কয়, 'আমি দেখিছোঁ যে মেঘালয়ৰ দৰে চুবুৰীয়া ৰাজ্যসমূহে আন্তঃৰাষ্ট্ৰীয় শিল্পী আৰু বেণ্ডসমূহক নিমন্ত্ৰণ কৰি কেনেকৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংগীতপ্রেমীক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। অসম এতিয়া সেই সফলতাৰ পুনৰাবৃত্তি কৰিবলৈ আৰু ইয়াক অধিক ব্যাপক ৰূপ দিবলৈ সাজু।' 

২০২৫ চনৰ ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা পোষ্ট মেলনৰ কনছাটে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ সংগীত অনুৰাগীক আকৰ্ষিত কৰিছিল। এই অনুষ্ঠানে অঞ্চলটোত আন্তঃৰাষ্ট্ৰীয় সংগীত অনুষ্ঠানৰ প্ৰতি থকা আগ্রহ আৰু কনছার্ট পৰ্যটনৰ অর্থনৈতিক সম্ভাৱনীয়তাক প্ৰমাণ কৰিছিল। উদ্যোগ পর্যৱেক্ষকসকলৰ মতে, কনছার্ট পর্যটনে কেবল টিকট বিক্ৰীৰ জৰিয়তে পোনপটীয়া ৰাজহ সংগ্ৰহ কৰাই নহয়, আতিথ্য, পৰিবহণ আৰু অন্যান্য আনুষংগিক সেৱাৰ জৰিয়তে এক বৃহৎ অর্থনৈতিক প্ৰভাৱ পেলায়। ইয়াৰ উপৰি ই পৰ্যটনস্থলীৰ ব্ৰেণ্ড ভেলু আৰু যুৱ প্ৰজন্মৰ মাজত আকৰ্ষণ বৃদ্ধি কৰে। 

উল্লেখযোগ্য যে ২০২৫ চনৰ মে' মাহত অসম চৰকাৰে আনুষ্ঠানিকভাৱে 'কনছার্ট পর্যটন নীতি' গ্রহণ কৰিছিল। ইয়াৰ সৈতে ইভেন্ট-ভিত্তিক অর্থনৈতিক বিকাশৰ বাবে এক নির্দিষ্ট কৌশল থকা ভাৰতৰ অতি কমসংখ্যক ৰাজ্যৰ ভিতৰত এখন হিচাপে পৰিগণিত হয় অসম। এই নীতিৰ লক্ষ্য হৈছে বছৰি তিনিৰ পৰা পাঁচখন ডাঙৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসব আয়োজন কৰা আৰু বিশ্বব্যাপী উদ্যোক্তাসকলক ৰাজসাহায্য তথা সৰলীকৃত অনুমতিৰ দৰে সুবিধা প্ৰদান কৰা।

Share This