ডিজিটেল ডেস্ক : আই পি এলত আন এক ৰেকৰ্ড প্রতিষ্ঠা কৰিলে মহম্মদ ছামীয়ে। দিল্লী কেপিটেলছৰ হাতত বুধবাৰে নিজৰ দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ পৰাজিত হ'লেও ৰেকৰ্ড বুকত নিজৰ নাম লিপিবদ্ধ কৰিলে বেগী বলাৰগৰাকীয়ে।
একানা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্রথমটো বলতে লোকেশ ৰাহুলক শূন্য ৰানত আউট কৰে ছামীয়ে। ইয়াৰ লগে লগে তেওঁ আৰু এবাৰ অভিলেখ গঢ়িলে। আই পি এলৰ ইতিহাসত প্রথম বলাৰ হিচাপে ছামীয়ে ৫বাৰ প্ৰথম বলত উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিলে। আই পি এলৰ ১৮ বছৰীয়া ইতিহাসত এই অভিলেখ কাৰো নাই। ৪ অ'ভাৰত ২৮ ৰানত ১টা উইকেট দখল কৰে ছামীয়ে।
প্রথমখন খেলত দিল্লী কেপিটেলছৰ হাতত ৬ উইকেটত পৰাজিত হয় লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। কিন্তু তাৰকা পেচাৰগৰাকীয়ে নিজৰ ছন্দ অব্যাহত ৰাখে। ছামীৰ দুৰন্ত প্ৰদৰ্শনৰ সন্মুখত আৰম্ভণিতে এটা সময়ত মাত্র ২৬ ৰানতে ৪টা উইকেট হেৰুৱায় দিল্লীয়ে। কিন্তু পৰিস্থিতিৰ সুযোগ ল'ব নোৱাৰিলে লক্ষ্ণৌৱে। সমীৰ ৰিজপিৰ অপৰাজিত ৭০ আৰু ট্রিষ্টানে ষ্টাবছৰ ৩৯ ৰানেৰে দিল্লীয়ে জয় সাব্যস্ত কৰে।