ডিজিটেল ডেস্ক : কেৰালাৰ তিৰুৱনন্তপুৰমৰ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু দলটোৰ শীর্ষ নেতা ৰাহুল গান্ধীৰ মাজত মনোমালিন্য ক্রমাৎ বৃদ্ধি পাইছে। যোৱা সপ্তাহত লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ কেৰালা ভ্ৰমণৰ সময়ত থাৰুৰক উপযুক্ত সন্মান আৰু গুৰুত্ব প্রদান নকৰাত খৰ্গহস্ত হৈ শুকুৰবাৰে দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত নাথাকিল থাৰুৰ। কাৰ্যতঃ দলৰ হাই কমাণ্ডক অৱমাননা কৰিলে সাংসদজনে।
উল্লেখযোগ্য যে কেৰালাৰ বিধানসভাৰ নিৰ্বাচন চমু চাপি আহিছে আৰু বিধানসভাৰ নিৰ্বাচনৰ বাবে ৰাজ্যখনত কংগ্ৰেছৰ প্ৰস্তুতি সন্দৰ্ভতে শুকুৰবাৰে দিল্লীত দলৰ হাইকমাণ্ডে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছিল। কিন্তু যোৱা কেইমাহমান দলীয় হাইকমাণ্ডৰে বিৰোধ ঘটি থকা থাৰুৰে বৈঠকখন এৰাই চলে।
তাৎপর্যপূর্ণ বিষয়টো হৈছে যে যোৱা কিছুদিনত বিজেপি আৰু আৰ এছ এছৰ শীৰ্ষ মহলৰে শশী থাৰুৰে মধুৰ সম্পৰ্ক ৰক্ষা কৰি অহা দেখা গৈছে। তদুপৰি, কেৰালালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱাৰ দিনাই থাৰুৰে দিল্লীৰ বৈঠকখন এৰাই চলাটোৱে কেৰালাৰ লগতে ৰাষ্ট্ৰীয় ৰাজনীতিত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে শশী থাৰুৰ এজন ৰাজনীতিক হোৱাৰ লগতে কূটনীতিবিদ হিচাপেও সফল ব্যক্তি।