ডিজিটেল ডেস্ক : বাংলাদেশত ছাত্র আন্দোলনৰ সময়ত লোৱা তথাকথিত ভূমিকাক লৈ দেশখনৰ সেনা বাহিনীৰ ৫জন শীর্ষস্থানীয় বিষয়াক নজৰবন্দী কৰা হৈছে। এই বিষয়াকেইজন অপসাৰিত প্রধানমন্ত্রী শ্বেখ হাছিনাৰ ঘনিষ্ঠ। নজৰবন্দী কৰা বিষয়াকেইজন হ'ল ক্রমে ব্রিগেডিয়াৰ জেনেৰেল ইমৰান হামিদ, আৰ এ বিৰ কর্নেল আব্দুল্লা আল-মমেন, ব্রিগেডিয়াৰ জাকাৰিয়া হুছেইন, বি জি বিৰ লেফটেনেন্ট কর্নেল মহম্মদ ৰিদৱানুল ইছলাম আৰু ইষ্ট বেংগল ৰেজিমেণ্টৰ মেজৰ মহম্মদ নোমান আৰ ফাৰুক।
তেওঁলোকক ঢাকাৰ সেনাৰ কেন্টনমেন্টত গৃহবন্দী কৰি ৰখা হৈছে। তেওঁলোকৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত অভিযোেগ দখিল কৰা হৈছে। বাংলাদেশৰ সংবাদ মাধ্যমৰ মতে, সেনাৰ বিষয়াকেইজনক অহর্নিশে সেনাৰ পৰ্যবেক্ষণত ৰখা হৈছে আৰু সেনাই নির্দিষ্ট কৰা ঘৰত আছে। তেওঁলোকক ৫ এপ্ৰিলৰ পৰা নিয়মীয়া কর্তব্য সম্পাদনত বাধা আৰোপ কৰা হৈছে। জেনেৰেল হামিদ হাছিনাৰ এ ডি চি আছিল।
উল্লেখযোগ্য যে দেশখনৰ সেনা প্রধান জেনেৰেল ৱাকাৰ উজ জামান ৬ এপ্ৰিলৰ পৰা পাঁচ দিনীয়া ৰাছিয়া ভ্ৰমণ কৰাৰ সময়তে এই বিষয়াকেইজনক গৃহবন্দী কৰি ৰখা হয়। অবশ্যে জেনেৰেল জামানে তেওঁলোকক নজৰবন্দী কৰাত সন্মতি জনোৱা বুলি কোৱা হৈছে। ইফালে, দুর্নীতিৰ অভিযোগত ঢাকাৰ এখন আদালতে শ্বেখ হাছিনা, তেওঁৰ কন্যা ছাইমা ৱাজেদ পুতুল আৰু আন ১৭জনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।