ডিজিটেল ডেস্ক : বাংলাদেশৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী শেখ হাছিনাই বৃহস্পতিবাৰে বৰ্তমানৰ অন্তৰ্বর্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছক আক্ৰমণৰ লক্ষ্য কৰি কয় যে বর্তমান বাংলাদেশত হৈ থকা হিংসাত্মক ঘটনাৰাজিয়ে তেওঁক ১৯৭১ চনৰ মুক্তি যুদ্ধৰ দিনবোৰ মনত পেলাই দিছে।
এটা ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত হাছিনাই কয় যে ১৯৭১ চনত মুক্তি যুদ্ধৰ সময়ত বাংলাদেশী মহিলাক গণ বলাৎকাৰ কৰা হৈছিল। তদুপৰি, সংখ্যালঘুসকলক নির্বিচাৰে হত্যা-আক্ৰমণ কৰা হৈছিল। হাছিনাই কয় যে বর্তমান সময়ত মহম্মদ ইউনুছৰ শাসনকালতো বাংলাদেশত অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে।
দেশখনৰ ইতিহাসৰ ক'লা অধ্যায়টো পুনৰ বাংলাদেশত আৰম্ভ হৈছে বুলি হাছিনাই কয়। হাছিনাই কয় যে বর্তমান সময়ত বাংলাদেশত বিশেষকৈ হিন্দু সংখ্যালঘুসকলৰ ওপৰত নিৰ্যাতন বৃদ্ধি হৈছে। বাংলাদেশত হিন্দু নিগ্রহৰ ঘটনা এতিয়া নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে বুলি হাছিনাই মন্তব্য কৰে।