শ্বেখ হাছিনাক ছমাহৰ কাৰাদণ্ড

dainik janambhumi July 03, 2025

ডিজিটেল ডেস্ক : বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাক আদালত অৱমাননাৰ এটা গোচৰত ছমাহৰ কাৰাদণ্ডৰ ৰায় দিয়ে। বাংলাদেশৰ সংবাদ মাধ্যমে এই বাতৰি প্ৰকাশ কৰি কয় যে ন্যায়াধীশ মহম্মদ গোলাম মুতুর্জা মজুমদাৰৰ নেতৃত্বৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ট্রিবিউনেল-১ৰ এখন তিনিজনীয়া বিচাৰপীঠে এই ৰায় দিয়ে। হাছিনাৰ লগতে ট্রিবিউনেলে গৈবান্ধাৰ গোবিন্দগজৰ শ্বকীল অকন্দ বুলবুলকো একেটা গোচৰত দুমাহৰ কাৰাদণ্ড বিহে।

বুলবুল ঢাকাৰ এজন আগশাৰীৰ ৰাজনৈতিক নেতা আৰু আৱামী লীগৰ ছাত্র শাখা বাংলাদেশ ছাত্র লীগৰ সৈতে জড়িত। উল্লেখযোগ্য যে হাছিনাই যোৱা বছৰ অক্টোবৰত বুলবুলক টেলিফ'নত আদালতৰ প্রতি অৱমাননাসূচক মন্তব্য দিয়া বুলি অভিযোগ উঠিছে। অভিযোগ মতে হাছিনাই বুলবুলক কয়, 'মোৰ বিৰুদ্ধে ২২৭টা গোচৰ ৰুজু কৰা হৈছে আৰু সেয়েহে মই ২২৭জন লোকক হত্যা কৰাৰ লাইচেন্স লাভ কৰিছোঁ।' গুচৰীয়া পক্ষই আদালতত এই বুলি যুক্তি দিয়ে যে হাছিনাৰ এই মন্তব্য আদালত
অৱমাননা কৰাৰ সমান, কিয়নো এই মন্তব্যই ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে বাংলাদেশত যোৱা বছৰ হোৱা ছাত্র আন্দোলনৰ সময়ত হাছিনাই ৫ আগষ্টত দেশখনৰ পৰা পলায়ন
কৰি ভাৰতত আশ্রয় লৈ আছে।

Share This