ডিচেম্বৰত বাংলাদেশলৈ উভতিব শ্বেখ হাছিনা, 'ৰয়টাৰ্ছ'ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত ভাৰতত নির্বাসনত থকা ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰীৰ ঘোষণা

dainik janambhumi July 11, 2026

ডিজিটেল ডেস্ক : প্রবল ছাত্র-বিক্ষোভৰ পাছত ক্ষমতাচ্যুত হৈ পলাই আহি ভাৰতত নির্বাসনত থকা বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই অৱশেষত স্বদেশলৈ ঘূৰি যোৱাৰ কথা ঘোষণা কৰিছে। হাছিনাৰ আৱামী লীগ দেশখনত নিষিদ্ধ হোৱাৰ লগতে প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বাংলাদেশত মৃত্যুদণ্ডৰো ৰায় দিয়া হৈছিল। বাংলাদেশৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী শ্বেখ হাছিনাই শুকুৰবাৰে কয় যে ২০২৪ চনত পলায়ন কৰা তেওঁ আৰু আৱামী লীগৰ আন নেতাসকলে স্ব-ইচ্ছাই বাংলাদেশলৈ ঘূৰি যাব আৰু দেশখনৰ আদালতৰ ওচৰত আত্মসমর্পণ কৰিব। হাছিনাই কয় যে ডিচেম্বৰৰ ভিতৰত তেওঁ স্বদেশলৈ ঘূৰি যোৱাৰ পৰিকল্পনা কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰয়টাৰ্ছৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ৭৮ বছৰীয়া আৱামী লীগৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁ আৰু আন নেতাসকল বাংলাদেশলৈ ঘূৰি যাব আৰু আদালতৰ ওচৰত আত্মসমর্পণ কৰিব। স্বদেশত গৈ হাছিনা আৰু আন নেতাসকলে বৰ্তমানৰ শাসক দল বি এন পিৰ কাৰ্যপন্থাৰ সন্মুখীন হ'ব।

প্রায় এঘণ্টাজোৰা টেলিফ'নিক সাক্ষাৎকাৰত হাছিনাই কয়, 'মই ঘূৰি যোৱাৰ লগে লগে মোক গ্রেপ্তাৰ কৰা হ'ব, তেওঁলোকে মোক আনকি হত্যাও কৰিব। কিন্তু মই যাম, মৰিলে মই নিজ দেশতে মৰিম।' শ্বেখ হাছিনাই কয় যে আৱামী লীগৰ নেতা-কর্মীসকল তীব্র দমন-উৎপীড়নৰ সন্মুখীন হৈছে। যদিও তেওঁৰ মৃত্যু অনিবার্য, গতিকে তেওঁ বাংলাদেশত নিজ ভূমিতে গৈ মৃত্যুবৰণ কৰিব। আৱেগিক হৈ হাছিনাই কয় যে বাংলাদেশত তেওঁৰ পিতৃ-মাতৃক সমাধিষ্ঠ কৰা হৈছে আৰু তাত তেওঁলোকৰ তেজৰ চেকুৰা সিঁচৰতি হৈ আছে। সেইবাবে নিজ দেশতে মৃত্যুক আঁকোৱালি ল'বলৈ তেওঁ বাংলাদেশলৈ ঘুৰি যাব বুলি হাছিনাই মন্তব্য কৰে। উল্লেখযোগ্য যে কেইবাটাও কার্যকালৰ প্রধানমন্ত্রী হিচাপে শ্বেখ হাছিনাই ২০ বছৰ ধৰি বাংলাদেশত শাসনভাৰ চলোৱাৰ পাছত ২০২৪ চনৰ আগষ্ট মাহত হোৱা প্রবল ছাত্র-বিক্ষোভত তেওঁ ক্ষমতাচ্যুত হয় আৰু পলাই আহি ভাৰতত আশ্রয় লয়। আনহাতে, ৰাজনৈতিক অস্থিৰতাৰ দুবছৰৰ পাছত ঢাকাত তাহেৰ ৰহমানৰ চৰকাৰৰ নেতৃত্বত দেশখনলৈ সুস্থিৰতা আহিছে।

কিন্তু শ্বেখ হাছিনাৰ প্রত্যাৱর্তনে দেশখনত পুনৰ ৰাজনৈতিক বিভাজনৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে স্বদেশলৈ ঘূৰি যোৱাৰ সময়সূচী প্রকাশ কৰিছে শ্বেখ হাছিনাই। শ্বেখ হাছিনাৰ লগতে দেশখনৰ প্ৰাক্তন গৃহ মন্ত্রী আছাদুজ জামান খান কমলৰ বিৰুদ্ধেও মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছিল। হাছিনাই কয় যে তেওঁক প্রত্যর্পণৰ বাবে ঢাকাৰ কৰ্তৃপক্ষই বাৰে বাৰে ভাৰতলৈ পত্ৰ প্ৰেৰণ কৰি আছে। কিন্তু তেওঁ স্ব-ইচ্ছাই স্বদেশলৈ যাব বুলি প্রাক্তন প্রধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Share This