কলকাতাৰ দোকানত বাংলা ভাষাত লিখিব লাগিব নাম

dainik janambhumi August 24, 2025

ডিজিটেল ডেস্কঃ কলকাতা পৌৰ নিগমৰ (কে এম চি) মেয়ৰ ফিৰহাদ হাকিমে শনিবাৰে ঘোষণা কৰে যে উক্ত নিগমৰ অধীনত থকা সকলো দোকান, হোটেল, শ্বপিং মল আৰু আন প্রতিষ্ঠানে সেইবোৰৰ নাম তেওঁলোকৰ পচন্দৰ আন ভাষাৰ সৈতে বাংলাতো লিখিব লাগিব। 

এনে নকৰিলে কঠোৰ কাৰ্যব্যৱস্থা গ্রহণ কৰা হ'ব। কে এম চিৰ মাহেকীয়া বৈঠকত এজন কাউন্সিলাৰৰ প্ৰশ্নৰ উত্তৰত হাকিমে কয় যে ৰাজ্যৰ জনসংখ্যাৰ ৮৬ শতাংশই বাংলাভাষী হোৱা সত্ত্বেও মহানগৰখনৰ প্ৰায় ৯৯ শতাংশ দোকানত ছাইন ব'ৰ্ডত বাংলা ভাষাত নাম নিলিখে।

Share This