কেন্দ্ৰত হ'ব লাগে এটা পৃথক 'এ আই' মন্ত্র্যালয়, স্বদেশী জাগৰণ মঞ্চৰ চৰকাৰক আহ্বান

dainik janambhumi February 02, 2026

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তা (এ আই)ৰ দ্রুত বিকাশৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰক এটা পৃথক এ আই মন্ত্ৰ্যালয় গঠনৰ আহবান জনাইছে স্বদেশী জাগৰণ মঞ্চই। 

আৰ এছ এছৰে ঘনিষ্ঠ সম্পর্ক থকা সংগঠনটোৱে কেন্দ্ৰীয় বাজেট দাখিলৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰলৈ আন কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। চীনৰ পৰা আমদানি হ্রাস কৰাৰ বাবে চীনা সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰাৰ আহবান জনাই সংগঠনটোৰ সহ-আহ্বায়ক তথা অর্থনীতিবিদ অশ্বিনী মহাজনে কয় যে ভাৰত হৈছে কম শুল্ক আৰোপ কৰা দেশসমূহৰ ভিতৰত অন্যতম। শুল্ক বৃদ্ধি আৰু আৰোপে চীনৰ পৰা আমদানি হ্রাস কৰিব। ইয়াৰ দ্বাৰাই টেলিকম আৰু ইলেক্ট্রনিকছ খণ্ডত ঘৰুৱা উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি পাব। 

তদুপৰি ভূমি সংস্কাৰ সন্দৰ্ভতো স্বদেশী জাগৰণ মঞ্চই কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। সংগঠনটোৱে প্রকাশ কৰে যে দেশত ৰাজহুৱা অথবা ব্যক্তিগত খণ্ডৰ বহু ভূমি খালী হৈ পৰি আছে। যিবোৰৰ পৰা দেশৰ বিকাশত কোনো অৱদান অহা নাই। এই খালী হৈ পৰি থকা ভূমিৰ ৰাজহ সন্দৰ্ভত নতুন সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়।

Share This