ডিজিটেল ডেস্ক : ৰাজস্থান ৰয়েলছক দেওবাৰৰ খেলত ১০ ৰানত হৰুৱাই আই পি এলত পঞ্জাব কিংছৰ প্লে'-অফত প্ৰৱেশ নিশ্চিত হয়। ১১ বছৰৰ পাছত প্লে'-অফলৈ আগবাঢ়ে পঞ্জাব কিংছ। ইয়াৰ লগে লগে অভিলেখ গঢ়ে শ্রেয়াষ আয়াৰে। আই পি এলৰ প্ৰথম অধিনায়ক হিচাপে এই কীর্তি গড়ে তাৰকা বেটাৰগৰাকীয়ে।
শ্রেয়াষেই আই পি এলৰ প্ৰথম অধিনায়ক যিয়ে তিনিটা দলক প্লে'-অফলৈ তুলি নিছে। ২০১৯ আৰু ২০২০ চনত তেওঁ দিল্লী কেপিটেলছৰ অধিনায়ক আছিল। দুয়োবাৰতে প্লে'-অফলৈ আগবাঢ়িছিল দিল্লী। ২০২০ চনত ফাইনেলো খেলিছিল দিল্লীয়ে। ইয়াৰ পাছত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ (কে কে আৰ) অধিনায়ক নিযুক্ত হয়। যোৱাবাৰ শ্রেয়াষৰ নেতৃত্বতে কে কে আৰ চেম্পিয়ন হৈছিল। তাৰ পাছত অষ্টাদশ সংস্কৰণৰ আই পি এলৰ নিলামব আগে আগে শ্রেয়াষক এৰি দিয়ে কে কে আৰে।
ফলত ২৬ কোটি ৭৫ লাখ টকাত শ্রেয়াষক ক্রয় কৰে প্ৰীতি জিণ্টাৰ পঞ্জাব কিংছে। পুনৰ পুৰণি প্রশিক্ষক ৰিকী পণ্টিঙৰ সৈতে যুটি বান্ধে শ্রেয়াষে। ২০১৯ আৰু ২০২০ চনতো দিল্লীৰ প্ৰশিক্ষক-অধিনায়ক যুটি আছিল উভয়ে। এইবাৰ পঞ্জাবক প্লে'-অফলৈ তুলি নি শ্রেয়াষে অভিলেখ গঢ়ে। এইবাৰৰ আই পি এলত ফর্মত আছে শ্রেয়ায়। ১২খন খেলত তেওঁ কৰিছে ৪৩৫ ৰান। পঞ্জাবৰ অধিনায়ক শ্রেয়াষে ৪টা অর্ধ-শতকীয় ইনিংছো খেলিছে, য'ত তেওঁৰ সর্বাধিক স্ক'ৰ হ'ল অপৰাজিত ৯৭ ৰান।