স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ

Rashmi August 18, 2025

ডিজিটেল ডেস্কঃ মহাকাশচাৰী শুভাংশু শুক্লা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ ঐতিহাসিক ভ্ৰমণৰ অন্তত দেওবাৰে পুৱা নিজৰ গৃহভূমি ভাৰতলৈ উভতি আহে। শুভাংশু শুক্লা আই এছ এছলৈ এক্সিয়াম-৪ মিছনৰ বাব যোৱা এবছৰ ধৰি আমেৰিকাত আছিল। 

দিল্লীৰ বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে। শুভাংশুৰ বেকআপ মহাকাশচাৰী প্ৰশান্ত বালকৃষ্ণণ নাইৰেও ঘৰলৈ উভতি আহে।


শীঘ্ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ

শীঘ্ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই। ইয়াৰ পিছত তেওঁ নিজৰ গৃহ চহৰ লক্ষ্ণৌলৈ যাব । উল্লেখযোগ্য যে শুভাংশুৱে ৰাজধানীলৈ উভতি আহি ২২-২৩ আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনত অংশগ্ৰহণ কৰিব ।


লালকিল্লাৰ পৰাই এই কথা উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে

ইয়াৰ পূৰ্বে লালকিল্লাত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অনুষ্ঠানত ভাষণ দি শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে নিজাকৈ মহাকাশ কেন্দ্ৰ গঢ়ি তুলিছে। তেওঁ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা মহাকাশ অভিযানৰ পৰা উভতি অহাৰ কথা অৱগত কৰে। তেওঁ কৈছিল, 'আমাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহিছে।' প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘অনাগত দিনত তেওঁ ভাৰতলৈ উভতি আহিব।’



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This