মহাকাশ অভিযানৰ সাফল্যৰে গৰ্বিত শুভাংশু শুক্লাৰ দিল্লীত পদার্পণ

dainik janambhumi August 18, 2025

ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানৰ ঐতিহাসিক ভ্ৰমণৰ পাছত মহাকাশচাৰী শুভাংশু শুক্লা দেওবাৰে পুৱা ভাৰতলৈ উভতি আহে। তেওঁক দেওবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বৃহৎসংখ্যক লোকে ৰাষ্ট্ৰীয় পতাকা জোকাৰি আদৰণি জনায়। এগজিয়ম-৪ অভিযানৰ মহাকাশলৈ যোৱা শুক্লা হৈছে ভাৰতৰ দ্বিতীয় মহাকাশচাৰী। দেওবাৰে বিমান বন্দৰত শুক্লা আৰু মনোনীত অতিৰিক্ত মহাকাশচাৰী (বেক-আপ এষ্ট্রনট ডেজিগনেট) প্রশান্ত বালকৃষ্ণণ নায়াৰক কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰ') অধ্যক্ষ ভি নাৰায়ণনে আদৰণি জনায়। শুক্লাৰ পত্নী কামনা আৰু পুত্ৰ কিয়াশো বিমান বন্দৰত তেওঁক আদৰণি জনাবলৈ উপস্থিত আছিল। 

উল্লেখযোগ্য যে মহাকাশ যাত্ৰাৰ বাবে আমেৰিকাত প্রশিক্ষণ ল'বলৈ তেওঁ প্রায় এবছৰ ঘৰত নাছিল। যোৱা ২৫ জুনত তেওঁৰ মহাকাশ যাত্ৰা আৰম্ভ হৈছিল আৰু ১৫ জুলাইত পৃথিৱীলৈ উভতি আহিছিল। শুল্কা ভাৰতলৈ উভতি অহাৰ উপলক্ষে সোমবাৰে কেন্দ্ৰীয় চৰকাৰে লোক সভাত 'আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত ভাৰতৰ প্ৰথম মহাকাশচাৰী: ২০৪৭ চনৰ উন্নত (বিকশিত) ভাৰতলৈ মহাকাশ কাৰ্যসূচীৰ গুৰুত্বপূৰ্ণ ভূমিকা' বিষয়ত এক আলোচনাৰ আয়োজন কৰিছে। শুক্লাই সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব আৰু তাৰ পাছত গৃহনগৰী লক্ষ্ণৌলৈ ৰাওনা হ'ব। 

ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে তেওঁ দেশৰ ৰাজধানী মহানগৰলৈ ২২-২৩ আগষ্টত পুনৰ উভতি অহাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে যোৱা ২৫ জুনত আমেৰিকাৰ ফ্লৰিডাৰ পৰা আৰম্ভ কৰা এগজিয়ম-৪ ব্যক্তিগত খণ্ডৰ মহাকাশ অভিযানত শুভাংশু শুক্লাই অংশগ্রহণ কৰিছিল। তেওঁলোক ২৬ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত উপস্থিত হৈছিল। তেওঁ পৃথিৱীলৈ উভতি আহিছিল ১৫ জুলাইত। শুক্লাৰ সৈতে যোৱা আন তিনিগৰাকী মহাকাশচাৰী আছিল পেগী হুইটছন (আমেৰিকা), শ্লাউজ উজনানস্কি (পোলেণ্ড) আৰু টিবৰ কাপু (হাংগেৰী)।

Share This