ডিজিটেল ডেস্ক : ভাৰতীয় মহাকাশচাৰী শুভাংশু শুল্কাই বুধবাৰে এক্সিয়ম স্পেচৰ এ এক্স-৪ অভিযানৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ৰাওনা হ'ব। ইয়াৰ জৰিয়তে শুক্লাই এক ইতিহাস সৃষ্টি কৰিব আৰু ৪১ বছৰৰ পাছত মহাকাশলৈ যোৱা তেওঁ ৰাকেশ শৰ্মাৰ পাছত দ্বিতীয়জন ভাৰতীয়ৰূপে পৰিগণিত হ'ব। এক্সিয়ম স্পেচৰ এই অভিযানটোক 'মিছন আকাশ গংগা' বুলিও কোৱা হৈছে। এই অভিযানত চাৰিখন দেশৰ চাৰিজন মহাকাশচাৰী ১৪ দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রলৈ যাব। এক্সিয়ম স্পেচৰ এই ব্যক্তিগত মিছনৰ পাইলট হ'ব শুক্লা। তেওঁৰ লগত মিছন কমাণ্ডাৰ পেগী হুইটছন (আমেৰিকা), মিছন বিশেষজ্ঞ তিবোৰ কাপু (হাংগেৰী) আৰু পোলেণ্ডৰ শ্লাভছ ভুজনানস্কী-উইজনিৱস্কী মহাকাশলৈ যাব। এই অভিযানটোত কেইবাটাও বৈজ্ঞানিক গৱেষণা কৰা হ'ব আৰু ইয়াৰ জৰিয়তে মানৱ স্বাস্থ্য আৰু পৃথিৱীৰ সম্পর্কত নতুন তথ্য লাভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে এই মিছনটো ভাৰতৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ জৰিয়তে দীর্ঘ দিনৰ বিৰতিৰ পাছত ভাৰতে পুনৰ মহাকাশচাৰী মহাকাশলৈ প্ৰেৰণ কৰিব। শুক্লা আৰু তেওঁৰ দলটোৱে অভিযানৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰিছে। তেওঁ স্পেচএক্সৰ টীমৰ সৈতে মিলি কাম কৰিছে। ফেলকন-৯ ৰকেটৰ ষ্টেটিক ফায়াৰ টেষ্টো কৰে। ইয়াৰ জৰিয়তে ৰকেটৰ পৰীক্ষা কৰা হৈছিল আৰু অভিযানটোৰ বাবে ই অতি প্রয়োজনীয় আছিল। বতৰ ঠিকে-ঠাকে থাকিলে কাইলৈ আমেৰিকাৰ ফুৰিডাত থকা কেনেডী মহাকাশ কেন্দ্ৰৰ পৰা যানখনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ অভিমুখে ৰাওনা হ'ব। এই ঐতিহাসিক মিছন এক্সিয়ম স্পেচৰ 'এক্সিয়ম-৪'ক কেনেডী মহাকাশ কেন্দ্ৰৰ পৰা স্পেছএক্সৰ ক্রুড্ৰেগন চি-২১৩ যানৰ জৰিয়তে উৎক্ষেপণ কৰা হ'ব। ভাৰতীয় সময়মতে কাইলৈ পুৱা ৫-৫৪ বজাত যানখন মহাকাশ কেন্দ্র অভিমুখে ৰাওনা হ'ব। উৎক্ষেপণ কৰাৰ পাছত ড্রেগন মহাকাশযানখন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্র পাবলৈ ১ দিন, চাৰি ঘণ্টা ৪৯ মিনিট সময় লাগিব। প্রায় ২৮ ঘণ্টা ভ্ৰমণ কৰাৰ পাছত ১১জুনৰ নিশা প্রায় ১০ বজাত যানখনক মহাকাশ কেন্দ্রত ডক কৰিব, অর্থাৎ ড্রেগন মহাকাশ যানক মহাকাশ কেন্দ্ৰৰ সৈতে সংযোজিত কৰা হ'ব। অভিযানটোত যোৱা চাৰিওজন সদস্য ১৪ দিন মহাকাশত থাকিব। তেওঁলোকে এই সময়ছোৱাত ৬০টা বৈজ্ঞানিক পৰীক্ষা কৰিব। ইফালে মহাকাশলৈ ৰাওনা হোৱাৰ আগতে শুভাংশু শুক্লাই দেওবাৰে ইয়াৰ সম্পূৰ্ণ তথা চূড়ান্ত আখৰা কৰে। সেই সময়ত এছেম্বী বিল্ডিঙৰ পৰা ৰকেটলৈ যোৱা আৰু ইয়াক বহাৰ প্ৰক্ৰিয়াৰো অনুশীলন কৰে। সেই সময়ত শুভাংশুৱে কয়, 'ই এক অতি মহান যাত্ৰা হ'ব।
এই মুহূৰ্তটোৱে ইয়াকে কয় যে আপুনি এনেকুৱা এটা অভিযানৰ অংশ হ'বলৈ গৈ আছে যিটো নিজতকৈ বহুত ডাঙৰ। মই মাত্ৰ ইয়াকে কওঁ যে এই অভিযানৰ অংশ হোৱাৰ সুযোগ লাভ কৰাটো মোৰ বাবে এক ডাঙৰ সৌভাগ্য।' উল্লেখযোগ্য যে ইয়াৰ আগতে ভাৰতৰ প্রথমজন মহাকাশচাৰী ৰাকেশ শৰ্মাই ৰাছিয়াৰ ছয়ুজ টি-১১ মহাকাশ যানত উঠি মহাকাশলৈ গৈছিল। ভাৰতীয় বায়ু সেনাত টেষ্ট পাইলট ৰূপে শুল্কাই ২০০৬ চনত নিযুক্তি লাভ কৰিছিল। তেওঁ এতিয়ালৈকে ভাৰতীয় বায়ু সেনাৰ বিভিন্ন যুঁজাৰু বিমান দুহেজাৰ ঘণ্টাতকৈ অধিক সময় উৰণ সম্পন্ন কৰিছে। তেওঁ ছুখয়-৩০ এম কে ১, মিগ-২১, জাগুৱাৰ, হক, ডর্নিয়াৰ আৰু এ এন-৩২ৰ দৰে বিমান চলোৱাৰ তথা পৰীক্ষণ কৰাৰ অভিজ্ঞতা আছে। তেওঁক ২০২০ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰ') গগনযান মিছনৰ বাবে বাছনি কৰা হয়। গগনযান ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ অভিযান হ'ব। শুক্লাই কয়, 'ভাৰতৰ প্রথমজন মহাকাশচাৰী উইং কমাণ্ডাৰ ৰাকেশ শর্মা ১৯৮৪ চনত মহাকাশলৈ গৈছিল। মই তেওঁৰ বিষয়ে স্কুলীয়া কিতাপত পঢ়িছিলোঁ আৰু তেওঁৰ অভিজ্ঞতাৰ বিষয়ে জানি যথেষ্ট প্রভাৱিত হৈছিলো।' তেওঁ কয়, 'প্রথম অৱস্থাত মোৰ সপোন আছিল বিমান উৰণৰ। কিন্তু পাছত মহাকাশচাৰীৰ হোৱাৰ সপোন দেখিছিলোঁ। মই সমগ্ৰ জীৱনৰ বাবে উৰণৰ সুযোগ পোৱাৰ বাবে নিজকে অতি সৌভাগ্যৱান বুলি ভাবো আৰু তাৰ পাছত মহাকাশচাৰী হোৱাৰ আৱেদন জনোৱাৰ সুযোগ লাভ কৰো আৰু আজি ইয়াত।'
এই অভিযানটোৰ মূল উদ্দেশ্য হ'ল মাইক্র'গ্রেভিটিক লৈ বিভিন্ন পৰীক্ষা কৰা, মহাকাশত নতুন প্রযুক্তিৰ পৰীক্ষণ আৰু বিকাশ, বিভিন্ন দেশৰ মহাকাশযাত্ৰীক এখন মঞ্চ প্রদান কৰা, মহাকাশৰ পৰা পৃথিৱীৰ জনসাধাৰণত উৎসাহিত আৰু সজাগ কৰা। উল্লেখযোগ্য যে এক্সিয়ম মিছন-৪ এক ব্যক্তিগত অভিযান। ই আমেৰিকাৰ ব্যক্তিগত মহাকাশ কোম্পানী এক্সিয়ম স্পেচ আৰু নাছাৰ এক যুটীয়া অভিযান। এক্সিয়ম স্পেচৰ এইটো চতুৰ্থ অভিযান। মনকৰিবলগীয়া যে শুক্লাই মহাকাশ কেন্দ্ৰলৈ নিজৰ লগত জলজ প্রাণী টার্ডিগ্রেড্ছা লৈ গৈছে। শুল্কাই এই ক্ষুদ্র 'জল ভালুক'ক লৈয়ো গৱেষণা কৰিব। উল্লেখযোগ্য যে শুক্লাই মঙলবাৰে পুৱাই মহাকাশলৈ উৰা মৰাৰ - কথা আছিল যদিও বেয়া বতৰৰ বাবে পিছুৱাই দিয়া হয়।