ইংলেণ্ডত শুভমন গীলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড 

Rashmi July 13, 2025

ডিজিটেল ডেস্ক :  ইংলেণ্ডত চলি থকা এণ্ডাৰছন-তেণ্ডুলকাৰ টেষ্ট শৃংখলাৰ ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন মেচ লৰ্ডছত চলি আছে । ইংলেণ্ডে প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত ৩৮৭ ৰাণ সংগ্ৰহ কৰে ।

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টত ইতিহাস সৃষ্টি কৰিছে শুভমন গীলে। প্ৰথম ইনিংছত মাত্ৰ ১৬ ৰানহে সংগ্ৰহ কৰিছিল গীলে, ইয়াৰ পাছতো তেওঁ ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰিছে। 

এই সময়ছোৱাত ইংলেণ্ডৰ মাটিত টেষ্ট শৃংখলাত এছিয়ান অধিনায়ক হিচাপে সৰ্বাধিক ৰান সংগ্ৰহৰ বিৰাট কোহলীৰ অভিলেখ ভংগ কৰে গীলে।

২০১৮ চনত কোহলীয়ে এই অভিলেখ গঢ়িছিল। ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত ৫৯৩ ৰান সংগ্ৰহ কৰি কোহলীয়ে ইতিহাসৰ সৃষ্টি কৰিছিল। মহম্মদ আজহাৰুদ্দিনৰ ২৮ বছৰীয়া অভিলেখ ভংগ কৰিছিল কোহলীয়ে। ১৯৯০ চনত আজহাৰুদ্দিনে ৪২৬ ৰান সংগ্ৰহ কৰিছিল।

এতিয়া ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টৰ দ্বিতীয় দিনা নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে গীল। এই মেচৰ পূৰ্বে গীলে ৫৮৫ ৰান সংগ্ৰহ কৰিছিল। গীলে মাত্ৰ ৯ ৰান সংগ্ৰহ কৰি ইতিহাসৰ সৃষ্টি কৰে।

এছিয়ান অধিনায়ক হিচাপে ইংলেণ্ডত টেষ্ট শৃংখলাত ৬০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে গীল। একে সময়তে খেলুৱৈ হিচাপে তেওঁ ৰাহুল দ্ৰাৱিড়তকৈ এক ৰানত পিছ পৰি আছে। ইংলেণ্ডত অনুষ্ঠিত টেষ্ট শৃংখলাত দ্ৰাৱিড়ে ৬০২ ৰান সংগ্ৰহ কৰে।

এই মেচখনৰ দ্বিতীয় ইনিংছতো এই অভিলেখ ভংগ কৰিব পাৰে গীলে। গীলে মাত্ৰ দুই ৰানহে কৰিব লাগিব। টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ কথা ক’বলৈ গ’লে গীল অধিনায়ক হিচাপে ইংলেণ্ডত অনুষ্ঠিত টেষ্ট শৃংখলাত ৬০০ৰ সীমা অতিক্ৰম কৰা মাত্ৰ তৃতীয়জন অধিনায়ক।

এই শৃংখলাত এই পৰ্যন্ত ৬০১ ৰান সংগ্ৰহ কৰিছে গীলে। গীলৰ বাহিৰেও গেৰী ছ’বাৰ্ছ আৰু গ্ৰেম স্মিথে ইংলেণ্ডত ৬০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে। ১৯৬৬ চনত ছ’বাৰ্ছে ৭২২ ৰান সংগ্ৰহ কৰিছিল। ২০০৩ চনত স্মিথে ৭১৪ ৰান সংগ্ৰহ কৰিছিল।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This