'জুবিন কেনেকৈ সাগৰলৈ গৈছিল সেই সম্পর্কে একোৱেই নাজানো', শ্যামকানু মহন্তৰ বাসগৃহ ঘেৰাও অনুৰাগীৰ

dainik janambhumi September 20, 2025

ডিজিটেল ডেস্ক : যিজন শ্যামকানু মহন্তই ৰঙালী মহোৎসৱত জুবিন গাৰ্গক অসমৰ আত্মা আখ্যা দিছিল, যিজন শ্যামকানু মহন্তৰ ছিংগাপুৰত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেললৈ অসমীয়াৰ হার্টথ্রব জুবিন গাৰ্গ দৌৰি গৈছিল সেইজন শ্যামকানু মহন্তই জুবিন কেনেকৈ সাগৰলৈ গৈছিল, কেনেকৈ তেওঁৰ মৃত্যু হৈছিল সেই সম্পর্কে একোৱেই নাজানে। কালি ছিংগাপুৰৰ পৰা মহন্তই এই কথা সংবাদ মাধ্যমক জানিবলৈ দি কয় যে শুকুৰবাৰৰ দিনটোত জুবিন গাৰ্গৰ লগত ফেষ্টিভেলৰ কোনো উদ্যোক্তা নাছিল আৰু ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ একাংশ সদস্যই জুবিনক ফুৰাবলৈ লৈ গৈছিল। 

মহন্তই কয় যে তেওঁৰ লগতে ফেষ্টিভেলৰ সকলো উদ্যোক্তা, ছিংগাপুৰৰ ব্যৱসায়ী সমাজ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ একাংশ নেতা এক বিশেষ বাণিজ্যিক বৈঠকত ব্যস্ত হৈ থকাৰ সময়তে জুবিন অসুস্থ হৈ পৰাৰ খবৰ লাভ কৰে আৰু ছিংগাপুৰৰ সময় মতে ৫-১০ বজাত আৰু অসমৰ সময় মতে প্রায় ২-৩০ বজাত জুবিনৰ মৃত্যু হয়। মহন্তই লগতে এইবুলিও কয় যে য়াট এখন লৈ ফুৰিবলৈ গৈ সাগৰত সাঁতোৰাৰ সময়তে তেওঁৰ ছিজাৰ এটেক আহে আৰু ছিংগাপুৰ জেনেৰেল হস্পিটেললৈ ক'ষ্ট গাৰ্ডৰ সহযোগত লৈ অনা হয় আৰু হস্পিটেলৰ চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। 

শ্যামকানু মহন্তই লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে জুবিনে কোনো স্কুবা ডাইভিং কৰা নাছিল, কেৱল সাঁতুৰিছিলহে। ইফালে, আজি ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তৰ বিৰুদ্ধে তীব্র ক্ষোভ আৰু প্ৰতিবাদৰ সৃষ্টি হৈছে। আজি জুবিনৰ শ-শ অনুৰাগীয়ে শ্যামকানু মহন্তৰ বাসগৃহ ঘেৰাও কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে।

Share This