ডিজিটেল ডেস্ক : জুবিন-হত্যাৰ অন্যতম প্রধান অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আৱেদনৰ শুনানি কালি উচ্চ ন্যায়ালয়ত আৰম্ভ হয়।
কালি শ্যামকানুৰ জামিন বিচাৰি ন্যায়ালয়ত যুক্তি প্রদর্শন কৰে অধিবক্তা প্রাণ বৰাই। আনহাতে, ৰাজ্য চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰে মহাধিবক্তা দেৱজিত শইকীয়াই।
ন্যায়ালয়ে ২৫ মে'ত পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে আৰু সেইদিনা চৰকাৰী অধিবক্তাই শ্যামকানুৰ জামিন নাকচৰ বাবে যুক্তি প্ৰদৰ্শন কৰিব।