ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জিমি দাসে প্ৰণয়জনিত কাৰণত আত্মহত্যা কৰাৰ সন্দেহ

Rashmi May 27, 2025

ডিজিটেল ডেস্কঃ  শিৱসাগৰত তীব্ৰ চাঞ্চল্য।  ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহত্যাৰ ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে শিৱসাগৰত ৷

বিগত বৰ্ষত বহিৰাগত দুৰ্বৃত্তৰ হাতত প্ৰহৃত হৈ চৰ্চালৈ আহিছিল জিমি দাস৷  জিমি দাসক মাৰপিট কৰি ক্ষমা খুজিবলৈ বাধ্য হৈছিল মাৰোৱাৰী সমাজ।

সেইগৰাকী জিমিয়েই কালি সন্ধিয়া বিষাক্ত দ্ৰব্য খাই আত্মহত্যা কৰে ৷ প্ৰণয়জনিত কাৰণত আত্মহত্যা কৰাৰ সন্দেহ পৰিয়ালৰ।

অবিনাশ দাস নামৰ এজন ব্যক্তিয়ে বিয়া পতাৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে ৷ জিমিৰ পৰিয়াল তথা আত্মীয়ই অবিনাশ দাসক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৷

বিহপান কৰি আত্মহত্যা কৰে জিমিয়ে। নিশা ডিব্ৰুগড়ৰ AMCH লৈ নিয়া হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বে মৃত্যু  ঘটে জিমিৰ।

জিমিৰ মৃতদেহ এতিয়াও আহি পোৱা নাই শিৱসাগৰ ৷

উল্লেখ্য যে  শিৱসাগৰৰ দিচাংমুখ ৰংচাইৰ নিৱাসী জিমি দাসক বিগত বৰ্ষৰ ১৩ আগষ্টত বহিৰাগতই আক্ৰমণ কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

পৰৱৰ্তী সময়ত বহিৰাগত সমাজে আঁঠু লৈ ক্ষমা ভিক্ষা বিচাৰিছিল অসমবাসীৰ ওচৰত ৷

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This