ডিজিটেল ডেস্কঃ বলিউড তাৰকা সিদ্ধাৰ্থ-কিয়াৰাই সামাজিক মাধ্যমৰ যোগেদি জনালে তেওঁলোকৰ এটি ভাল খবৰ ৷ তাৰকাদ্বয়ে জনালে তেওঁলোকৰ প্ৰথমটি সন্তানৰ আগমনৰ কথা ৷ এযোৰ উলৰ মোজা তেওঁলোক দুয়োৱে হাতত লৈ এখন মৰমলগা ফটো শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত ৷ ফটোখন আপলোড কৰা মাত্ৰেই শুভেচ্ছাবাণীৰে উপচি পৰিছে তেওঁলোকৰ সামাজিক মাধ্যম ৷
ইনষ্টাগ্ৰাম প'ষ্টটোৱে তেওঁলোকৰ জীৱনৰ এই নতুন অধ্যায়ক লৈ দুয়োৰে উত্তেজনা বৰ্ণনা কৰিছে ৷ তেওঁলোকে লিখিছে,"আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ । অতি সোনকালে আহি আছে ।" আনহাতে, চেলেব্ৰিটীসকলেও অনুৰাগীৰ সৈতে যোগ দি ছ’চিয়েল মিডিয়াত দম্পতীটোক অভিনন্দন জনাইছে । ৰকুল প্ৰীত সিং, নীনা গুপ্তা, সামান্থা ৰুথ প্ৰভু, আথিয়া শ্বেট্টী সকলোৱে হ’বলগীয়া অভিভাৱকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে ।
শ্বেৰশ্বাহৰ চিত্ৰগ্ৰহণৰ সময়ত সিদ্ধাৰ্থ আৰু কিয়াৰা প্ৰেমত পৰিছিল । ২০২১ চনৰ চলচ্চিত্ৰখন একেলগে তেওঁলোকৰ প্ৰথম প্ৰকল্প আছিল । ২০২২ চনত কৰণ জোহৰৰ শ্ব' কফি উইথ কৰণত সিদ্ধাৰ্থই তেওঁলোকৰ প্ৰেমকাহিনী সন্দৰ্ভত কৈছিল, "মই এক উজ্জ্বল আৰু সুখী ভৱিষ্যতৰ কল্পনা কৰি আছোঁ । যদি তেওঁ থাকে, তেন্তে ভাল হ'ব ।" কিয়াৰাই এই সম্পৰ্কটো নিশ্চিত কৰি কৈছিল যে তেওঁলোক "বন্ধুতকৈ অধিক"।
উৎস: প্ৰাগ নিউজ ডিজিটেল