বি এম চিৰ নিৰ্বাচনতো পাৱাৰ যুটিৰ মিত্ৰতাৰ ইংগিত

dainik janambhumi December 26, 2025

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্রেক্ষাপটত দৈনিক ন ন দৃশ্যপট পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। বুধবাৰে ২০ বছৰৰ পাছত বিচ্ছেদিত থাকৰে ভাতৃদ্বয়ৰ দল শিৱ সেনা (উদ্ধৱ) আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ (এম এন এছ) পুনৰ মিলনৰ পাছত মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে আন এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে। নেশ্যনেলিষ্ট কংগ্রেছ পার্টি (এন চি পি) দুবছৰ পূৰ্বে বিভাজিত হৈছিল। 

খুৰাক শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পি আৰু ভতিজাক অজিত পাৱাৰৰ এন চি পি পুনৰ একত্ৰিত হোৱাৰ দিশত আগবাঢ়িছে। পুনে পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে শাৰদ-অজিত পাৱাৰে একেলগে প্রতিদ্বন্দ্বিতা কৰাটো প্রায় খাটাং হৈ পৰিছে। ১৫ জানুৱাৰীত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্রথমখন বৈঠক ইতিমধ্যে দুয়োটা এন চি পিৰ গোটে সম্পন্ন কৰিছে যাতে আসন বুজাবুজিৰ সিদ্ধান্ত সঠিক ৰূপত ল'ব পৰা যায়। 

আনহাতে, বৃহান মুম্বাই নিৰ্বাচনৰ বাবেও মিত্ৰতা কৰাৰ সম্ভাৱনা আছে দুই পাৱাৰ যুটিয়ে। এন চি পি (শাৰদ)ৰ নেত্ৰী তথা সাংসদ সুপ্রিয়া চোলেই কয় যে এন ডি এলৈ গ'লেও অজিত পাৱাৰ তেওঁৰ আদৰ্শৰ পৰা বিচলিত হোৱা নাই। সাংসদ সুপ্রিয়াই কয় যে বি এম চিৰ নিৰ্বাচনৰ বাবে অজিত পাৱাৰৰ সৈতে মিত্ৰতা কৰিবলৈ তেওঁৰ দলে আলোচনা চলাই আছে। অৱশ্যে, এই বিষয়ত চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি সাংসদ সুপ্রিয়াই কয়।

Share This