কেন্দ্ৰীয় চৰকাৰৰ হোটেল মেনেজমেন্ট প্রতিষ্ঠানত চলিল বুলড'জাৰ

dainik janambhumi July 22, 2025

ডিজিটেল ডেস্কঃ গুৱাহাটীত কৃত্রিম বানমুক্ত কৰাৰ লক্ষ্যৰে সোমবাৰে পুনৰ আৰম্ভ কৰিছে উচ্ছেদ অভিযান। মন্ত্রী শিলসাঁকো বিলত পুনৰ উচ্ছেদ জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত অভিযান আৰম্ভ হৈছে। গুৱাহাটীৰ অভিযানৰ সময়ত ঘটনাস্থলীত উপস্থিত থাকে।

 কেন্দ্ৰীয় চৰকাৰৰ এটা হোটেল মেনেজমেন্ট প্রতিষ্ঠানত সোমবাৰে প্ৰশাসনৰ বুলডজাৰ চলিল। প্রণিধানযোগ্য যে মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত আজি পুনৰ শিলসাঁকো বিলৰ বেদখলস্থলীত উচ্ছেদ অভিযান চলোৱা হয়। এই উচ্ছেদৰ সময়ত ভাৰত চৰকাৰৰ প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অব হোটেল মেনেজমেণ্টৰ চৌহদ ভাঙি পেলোৱা হয়। 

প্রণিধানযোগ্য যে এই প্রতিষ্ঠানে শিলসাঁকো বিলৰ প্ৰায় ১৫ বিঘা ভূমি দখল কৰি আছিল। ৰাজ্যৰ গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয় যে, গুৱাহাটীত শিলসাঁকো নামৰ বিশাল জলাশয় আছে। কিন্তু এই ভূমি জনসাধাৰণ, অনুষ্ঠান-প্রতিষ্ঠান আনকি চৰকাৰী সংস্থাই বেদখল কৰিছে। যাৰ ফলত গুৱাহাটীত কৃত্রিম বানৰ সৃষ্টি হৈছে। গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধানৰ বাবে এই বিল বেদখলমুক্ত কৰা হৈছে। আনহাতে আই আই এইচ এমৰ অট্টালিকাসমূহ পৃথকে পৃথকে ভাঙি পেলোৱা হ'ব বুলিও মন্ত্ৰীজনে প্রকাশ কৰে। প্ৰথম অৱস্থাত প্রতিষ্ঠানটোৰ শ্রেণীকোঠাসমূহ উচ্ছেদ কৰা হ'ব বুলিও তেওঁ প্রকাশ কৰে। লক্ষণীয় যে অসম চৰকাৰে এই প্ৰতিষ্ঠানটো স্থানান্তৰ কৰিবৰ বাবে সোণাপুৰত ৩০ বিঘা ভূমি আবণ্টন দিছে। সেই স্থানত অসম চৰকাৰেই প্ৰতিষ্ঠানটো নিৰ্মাণ কৰি দিব বুলি মন্ত্রীজনে প্রকাশ কৰে। সম্প্রতি প্রতিষ্ঠানটোৰ বিভিন্ন অংশ অস্থায়ীভাবে বিভিন্ন স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। প্রথমে শ্ৰেণীকোঠাসমূহ খ্রীষ্টানবস্তিলৈ স্থানান্তৰ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত প্রতিষ্ঠানটোৰ ছাত্ৰাৱাস উচ্ছেদ কৰা হ'ব। তাৰ পূৰ্বে প্রতিষ্ঠানটোৰ শিক্ষাৰ্থীসকলক গেমছ ভিলেজত স্থাপন কৰা অস্থায়ী ছাত্রাবাসলৈ স্থানান্তৰ কৰা হ'ব।

আনহাতে মন্ত্রী জয়ন্ত মল্লবৰুৱাই এইবাৰৰ উচ্ছেদ প্ৰক্ৰিয়া ১৫ দিনৰ ভিতৰতে সম্পূৰ্ণ হ'ব বুলিও সদৰী কৰে। ইফালে পর্যায়ক্রমে শিলসাঁকো বিলৰ ভূমি দখল কৰি স্থাপন কৰা জিঞ্জাৰ হোটেল আৰু টেনিছ ক'র্টো উচ্ছেদ কৰা হ'ব বুলি মন্ত্ৰীজনে প্রকাশ কৰে। লক্ষণীয় যে এইপর্যন্ত শিলসাঁকো বিলৰ দখল কৰি থকা প্ৰায় ৮০০ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। আগন্তুক খৰালি কালত বিলৰ খনন আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।

Share This