জয়পুৰত কণ্ঠশিল্পী ড° সুকন্যা গোস্বামীক 'আইকনিক আর্টিষ্ট অব্ দ্য ইয়েৰ' বঁটা প্ৰদান

dainik janambhumi June 02, 2026

ডিজিটেল ডেস্ক : জয়পুৰৰ স্বৰ্ণভৱনত হিন্দুস্থান গ্রুপ অৱ ৰেকৰ্ডছৰ উদ্যোগত আয়োজিত 'হিৰোজ অব্ ইণ্ডিয়া এৱাৰ্ডছ-২০২৬' অনুষ্ঠানত কণ্ঠশিল্পী ড° সুকন্যা গোস্বামীক দেওবাৰে 'আইকনিক আৰ্টিষ্ট অব্ দ্য ইয়েৰ' বঁটাৰে সন্মানিত কৰা হয়। সংগীত জগতখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে সুকন্যা গোস্বামীলৈ এই সন্মান আগবঢ়োৱা হয়। এই সন্মান লাভৰ জৰিয়তে ড° গোস্বামীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে। অনুষ্ঠানত সুনীল সোনী, ভানু প্রকাশ প্রজাপত, মহেশ জামালপুৰীয়া, প্ৰহ্লাদ সিং ৰাৱত, ডাঃ পবন আগৰৱাল আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত তেওঁক এই বঁটা প্রদান কৰে হিন্দুস্থান গ্রুপ অৱ ৰেকৰ্ডছৰ মুখ্য সম্পাদক অভিষেক ছোনীয়ে। 

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ড° সুকন্যা গোস্বামীয়ে কয়, 'এয়া মোৰ বাবে গৌৰৱৰ ক্ষণ। এই সম্মানে মোক আত্মবিশ্বাস দিয়াৰ লগতে দায়িত্বও অধিক বৃদ্ধি কৰিছে। আগন্তুক দিনবোৰত আৰু অধিক নিষ্ঠা, কষ্ট আৰু দুগুণ উৎসাহেৰে কাম কৰি যোৱাৰ প্ৰেৰণা লাভ কৰিলোঁ, যাতে সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আৰু অধিক অৰিহণা আগবঢ়াব পাৰোঁ।' উল্লেখযোগ্য যে নলবাৰী বিদ্যাপুৰ নিৱাসী শিক্ষাবিদ উৎপল কুমাৰ গোস্বামী আৰু প্ৰবক্তা ৰীণা দেৱীৰ একমাত্র কন্যা ড° সুকন্যা গোস্বামী বর্তমান জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠান, নলবাৰীত অধ্যাপনা কৰি আছে। 

শৈশৱৰ পৰাই সংগীত সাধনাৰ সৈতে গভীৰভাৱে জড়িত ড° সুকন্যা গোস্বামীয়ে শাস্ত্রীয় সংগীত, লোকগীত, বিয়ানাম আৰু আধুনিক গীতৰ জগতত নিজৰ স্বকীয় প্রতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰাৰ লগতে ভ্রাম্যমাণ থিয়েটাৰৰ গীততো তেওঁ কণ্ঠ নিগৰাই দৰ্শক-শ্ৰোতাৰ বিশেষ সমাদৰ লাভ কৰিছে। সংগীত জগতখনলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ ইতিমধ্যে একাধিক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সন্মান তথা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে, এই সন্মান লাভৰ খবৰ পোৱাৰ পিছতে বিভিন্ন ব্যক্তি, দল-সংগঠন তথা শুভাকাংক্ষীয়ে সুকন্যা গোস্বামীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

Share This