জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই...

Kakali Deka May 16, 2025

ডিজিটেল ডেস্ক : সৰা পাতে পাতে ফাগুন নামে... সুমধুৰ কণ্ঠৰে ৰাইজৰ হৃদয়ত সুকীয়া আসন দখল কৰা   জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই। সকলোকে কন্দুৱাই কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল গায়ত্ৰী হাজৰিকা।  ফাগুন বুলি কলেই আকাশ-বতাহ কঁপাই বাজি উঠে তেওঁৰ সেই বিশেষ গীতটি, যি গীত ৰাইজৰ অতি মৰমৰ, অতি হেঁপাহৰ। 

আজি নেমকেয়াৰ হাস্পতালত বিয়লি ২.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে  শিল্পীগৰাকীয়ে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল গায়ত্ৰী হাজৰিকা।

‘সৰা পাতে পাতে ফাগুন নামে’ গীতত কণ্ঠদান কৰি জনপ্ৰিয় হৈ পৰা গায়ত্ৰী হাজৰিকাই ‘ৰত্নাকৰ’ ছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতত কণ্ঠদান কৰি সকলোৰে আপোন হৈ পৰিছিল।

‘ৰত্নাকৰ’ৰ গীতটিৰ বাবে পাইছিল প্ৰাগ চিনে এৱাৰ্ড।  বহু জনপ্ৰিয় গীতত কণ্ঠ নিগৰাইছিল গায়ত্ৰী হাজৰিকাই।

ক্ৰোধ, ৰত্নাকৰ, কাঞ্চনজংঘাকে ধৰি বহু ছবিৰ গীতত কণ্ঠদান। বহুকেইখন অসমীয়া ধাৰাবাহিকৰ শীৰ্ষ গীতত কণ্ঠদান কৰিছিল গায়ত্ৰীয়ে।

মুক্তি পোৱা দুটা এলবাম ‘মিঠা আৱেশেৰে’, ‘সুৰৰ আৱেশেৰে’।  অসমীয়া সংগীতক ৰুচিশীলতাৰে আগুৱাই নিছিল গায়ত্ৰীয়ে। 

গায়ত্ৰী হাজৰিকাৰ মৃত্যুত সাংস্কৃতিক জগতত পৰিছে গভীৰ শোকৰ ছাঁ। তেওঁৰ অকাল মৃত্যুৱে দুখ দিছে অনুৰাগীসকলক।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This