এপ্ৰিলৰ পৰা দেশজুৰি এছ আই আৰ 

dainik janambhumi February 20, 2026

ডিজিটেল ডেস্ক : ইতিমধ্যে হোৱা তথা হৈ থকা ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ উপৰি এতিয়া সমগ্র দেশতে ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন (এছ আই আৰ) প্রক্রিয়া চলোৱা হ'ব। ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে এই বছৰ এপ্রিল মাহতে দেশজুৰি এছ আই আৰ আৰম্ভ হ'ব। এই প্রক্রিয়া ইতিমধ্যে বিহাৰত সম্পূৰ্ণ হ'ল। আন ১২খন ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলত এছ আই আৰ প্ৰক্ৰিয়া চলি আছে। পৰৱৰ্তী পৰ্যায়ত বাকী থকা ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহত এছ আই আৰ প্ৰক্ৰিয়া চলোৱা হ'ব। 

নির্বাচন আয়োগৰ মতে বাকী থকা ২২খন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলত এপ্রিলত এছ আই আৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ ভিতৰত আছে দিল্লী, হাৰিয়ানা, হিমাচল প্রদেশ, জম্মু-কাশ্মীৰ, লাডাখ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড, ওড়িশা, পঞ্জাব, ছিকিম, ত্ৰিপুৰা, তেলেংগানা, উত্তৰাখণ্ড, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, কর্ণাটক, অন্ধ্র প্রদেশ, অৰুণাচল প্রদেশ, চণ্ডীগড় তথা দাদৰা নগৰ হাভেলী আৰু দমন-দিউ। 

ইফালে কালি উচ্চতম ন্যয়ালয়ে অসমত এছ আই আৰ শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে জনোৱা এখন আৱেদন নাকচ কৰে। মুখ্য ন্যায়াধীশ সূর্য কান্তৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে কয় যে অসমত এছ আৰ সম্পূর্ণ হোৱাৰ পাছত ইতিমধ্যে ভোটাৰ তালিকা প্রকাশ পাইছে। এনে পৰিস্থিতিত নিৰ্বাচনৰ আগে আগে এছ আই আৰৰ কোনো প্রয়োজন নাই।

Share This