ছিংগাপুৰৰ পৰা উভতি আহিল এছ আই টিৰ দল

Kakali Deka October 24, 2025

ডিজিটেল ডেস্কঃ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত সামৰি ছিংগাপুৰৰ পৰা কালি  এছ আই টিৰ দুজনীয়া দলটো অসমলৈ ঘূৰি আহে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ যোৱা ২০ অক্টোবৰত ছিংগাপুৰলৈ ৰাওনা হৈছিল অসম আৰক্ষীৰ এছ আই টিৰ দলটো। এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তা আৰু আই পি এছ তৰুণ গোৱেলে ছিংগাপুৰৰ বিভিন্ন পক্ষৰ সৈতে সাক্ষাৎ কৰাৰ লগতে জুবিন গাৰ্গ থকা হোটেল, তাৰ কৰ্মচাৰী, য়ট আৰু তাৰ কৰ্মচাৰী আদি বিভিন্ন স্থানলৈ গৈ আৰু মানুহৰ সাক্ষ্য গ্রহণ কৰে।

আনহাতে আজি  এছ আই টিৰ মুৰব্বী গুপ্তাই ছিংগাপুৰত তেওঁলোকে কি কি আৰু কিদৰে তদন্ত কৰিলে তাৰ সবিশেষ ৰাজহুৱা কৰিলে । 

এছ আই টিৰ মুৰব্বী গুপ্তাই আজি সংবাদমেলত কয় যে  ২১ তাৰিখে ছিংগাপুৰৰ পাঁচজন বিষয়াৰ সৈতে SITৰ বৈঠক হৈছিল ।  সেই বৈঠকতে ছিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন SIT ক দিছে ছিংগাপুৰ আৰক্ষীয়ে। জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাস্থলীও SIT য়ে পৰিদৰ্শন কৰিছে বুলিও মন্তব্য প্ৰকাশ মুন্না প্ৰসাদ গুপ্তাৰ।

আনহাতে ছিংগাপুৰ আৰক্ষীকো খৰটকীয়াকৈ তদন্ত কৰিবলৈ অনুৰোধ কৰিছে এছ আই টিৰ দলটোৱে । ছিংগাপুৰত জুবিন গাৰ্গ থকা হোটেল পেচিফিকৰ CCTV  ভিডিঅ’ সংগ্ৰহ কৰিবলৈ ছিংগাপুৰ আৰক্ষীক অনুৰোধ কৰিছে SITৰ দলটোৱে।
ছিংগাপুৰত থকা কেইবাগৰাকী অসমীয়াৰ ভাষ্য সংগ্ৰহ কৰি SITক দিব ছিংগাপুৰ আৰক্ষীয়ে । অহা ১০ দিনৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে CCTV ভিডিঅ' আৰু ছিংগাপুৰত থকা অসমীয়া লোকৰ সাক্ষ্য লৈ পঠিয়াব SITক। প্ৰয়োজনত য়টত থকা প্ৰৱাসী অসমীয়াসকলক পুনৰ তলব কৰা হ'ব  বুলিও মন্তব্য মুন্না প্ৰসাদ গুপ্তাৰ।

Share This