ইৰানৰ জাহাজ অৱৰোধ কৰাৰ পাছতে পৰিস্থিতিৰ অৱনতি, আমেৰিকাৰ আচৰণত অসন্তুষ্ট তেহৰান, অনিশ্চয়তাত ইছলামাবাদৰ শান্তি-আলোচনা

dainik janambhumi April 21, 2026

ডিজিটেল ডেস্ক: মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰিছে আৰু খাৰুৱা তেলৰ সংকট অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। যুদ্ধ-বিৰতি চলি থকাৰ সময়তে আৰু পাকিস্তানত ইৰান আৰু আমেৰিকাৰ মাজত দ্বিতীয়লানি আলোচনাৰ প্ৰস্তুতি চলি থকাৰ সময়তে হৰমুজ প্ৰণালীত ইৰানৰ এখন জাহাজ আমেৰিকাই জব্দ কৰা আৰু তাৰ পাছত ইৰানৰ ইছলামিক ৰিভ'লিউশ্যনেৰী গার্ড ক'ৰে (আই আৰ জি চি) প্ৰণালীটোত অৱৰোধ কৰি থকা আমেৰিকাৰ জাহাজত আক্রমণ কৰি পৰিস্থিতি পুনৰ উত্তপ্ত কৰি তুলিছে। ইয়াৰ মাজতে আই আৰ জি চিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক এইবুলি ভাবুকি দিছে যে যদিহে ইৰানৰ দেশখনৰ আন্তঃগাঁথনি আৰু বিদ্যুৎ প্রকল্প তথা কেন্দ্ৰসমূহত আক্রমণ কৰে তেতিয়া বিশ্বৰ এক তৃতীয়াংশ খাৰুৱা তেলৰ যোগান তেওঁলোকে বন্ধ কৰি দিব। আই আৰ জি চিয়ে আমেৰিকা তথা ট্রাম্পৰ প্ৰতি কঠোৰ সতর্কবাণী শুনাই কয়, 'আমাৰ আন্তঃগাঁথনিত আক্ৰমণ কৰিলে আমি যিকোনো ডাঙৰ পদক্ষেপ গ্রহণ কৰিবলৈ কুণ্ঠাবোধ নকৰিম। এনেধৰণৰ আক্ৰমণ কৰিম যে বিশ্বত এক তৃতীয়াংশ তেলৰ যোগান বন্ধ হৈ যাব আৰু ইয়াৰ ফলত বিশ্বত হাহাকাৰৰ সৃষ্টি হ'ব।' 

আই আৰ জি চিয়ে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক এইবুলি সতৰ্ক কৰি দিয়ে যে ইৰানৰ বিৰুদ্ধে তেওঁ ভাবুকি দিয়া ভাষা ব্যৱহাৰ কৰাটো বন্ধ কৰিব লাগে। আই আৰ জি চিয়ে তছনীম নিউজক কয় যে যদি আমেৰিকাই ইৰানৰ শক্তি প্রকল্পসমূহক লক্ষ্য কৰি লয় তেতিয়া ইয়াৰ এনেকুৱা আশ্চৰ্যকৰ পৰিণামৰ সন্মুখীন হ'ব যাৰ মোকাবিলা কৰাটো তেওঁলোকৰ বাবে সহজ নহ'ব। ট্রাম্পৰ আচৰণৰ প্ৰত্যুত্তৰ তেওঁৰ ভাষাৰে দিয়া হ'ব। আই আৰ জি চিয়ে কয় যে তেওঁলোকে পাৰস্য উপসাগৰীয় দেশসমূহৰ তৈল ক্ষেত্ৰ তথা প্রকল্পসমূহৰ লগতে পাইপ লাইনক লক্ষ্য কৰি ল'ব। আই আৰ জি চিয়ে লগতে কয় যে তেওঁলোকৰ প্ৰত্যুত্তৰত কেৱল আমেৰিকাই নহয়, তেওঁলোকৰ সহযোগী দেশসমূহো হতভম্ব হৈ পৰিব। ইৰানী সামৰিক বাহিনীটোৱে তচনীম নিউজক লগতে কয় যে তেওঁলোকে ছৌডি আৰবৰ আৰামকো আৰু য়ানবু তৈল প্রকল্প তথা সংযুক্ত আৰব আমিৰাটৰ (ইউ এ ই) ফুজৌৰা পাইপলাইনক লক্ষ্য কৰি ল'ব। ইৰানে এনেধৰণৰ আক্রমণেৰে বিশ্বৰ প্ৰায় এক তৃতীয়াংশ তেলৰ উৎপাদন তথা যোগান ব্যাহত কৰিব। ইয়াৰ ফলত কেৱল আমেৰিকা আৰু ইয়াৰ সহযোগী দেশবোৰৰে নহয়, সমগ্র বিশ্ব খাৰুৱা তেলৰ বৃহৎ সংকটৰ গৰাহত পৰিব। 

উল্লেখযোগ্য যে যুদ্ধৰ ফলত বিশ্বত ইতিমধ্যে খাৰুৱা তেলৰ সংকটৰ প্ৰভাৱ পৰিছে। বিগত ৫০ দিনত ৫০ কোটি বেৰল অর্থাৎ প্রতিদিনে এক কোটি বেৰল খাৰুৱা তেলৰ উৎপাদন তথা যোগান স্তব্ধ হৈ পৰে। আমেৰিকাই ইৰানৰ বন্দৰসমূহ অৱৰোধ কৰি ৰখা ইৰানে" তীব্র প্রতিবাদ জনাইছে। তেওঁলোকে কয় যে বন্দৰ আৰু উপকূল অৱৰোধ কৰি ৰখাটো প্ৰথমলানি আলোচনাত হোৱা সন্মতিৰ পৰিপন্থী। যেতিয়ালৈকে অৱৰোধ প্রত্যাহাৰ কৰা নহয়, তেতিয়ালৈকে দ্বিতীয়লানি আলোচনা বা শান্তি চুক্তিত আগবঢ়া নহ'ব। 

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে সোমবাৰে ইৰানক আই এইবুলি ভাবুকি দিছিল যে যদি এইবাৰৰ আলোচনা ব্যর্থ হয় তেতিয়া টো ইৰানক কোনোপধ্যেই ৰেহাই দিয়া নহ'ব আৰু দেশখনৰ আন্তঃগাঁথনিসমূহ আক্ৰমণ কৰি বিধ্বস্ত কৰি পেলোৱা হ'ব। ইফালে ইৰানী জাহাজ জব্দ ৰা কৰাৰ প্ৰত্যুত্তৰ দি আই আৰ জি চিয়ে আমেৰিকাৰ কেইবাখনো যুঁজাৰু জাহাজত আক্রমণ কৰে। ইৰানৰ সংবাদ মাধ্যম আৰু আমেৰিকাৰ পৰা বিষয়াসকলে প্রকাশ কৰা মতে, ওমান উপসাগৰত আমেৰিকাৰ বাহিনীসমূহে ইৰানৰ পতাকা থকা এখন মালবাহী জাহাজলৈ গুলীচালনা কৰে আৰু পাছত জাহাজখন জব্দ কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে জব্দ কৰা জাহাজখনৰ ফটোও সামাজিক মাধ্যমত প্রকাশ কৰে। ইৰানৰ পাছতে আমেৰিকাৰ জাহাজত ড্ৰনেৰে আক্ৰমণ কৰে ইৰানৰ নৌসেনাই। অৱশ্যে আমেৰিকাৰ জাহাজসমূহ হ'ব নৌসেনাৰ হয় নে নহয় সেইটো জানিব পৰা হোৱা নাই।

Share This