ডিজিটেল ডেস্কঃ ২২ বছৰীয়া বিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যুৰ পিছতেই স্বামী আৰু শাহুৱেকৰ বিৰুদ্ধে পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ মৃতকৰ পৰিয়ালৰ ।
মৌচুমী হাজৰিকা(২২) নামৰ বিবাহিতা মহিলাগৰাকীক স্বামী চাহিল হাজৰিকা আৰু শাহুৱেক এলিজা বেগমে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ। প্ৰতিৱেশী প্ৰত্যক্ষদৰ্শীয়েও ঘটনাৰ সবিশেষ বৰ্ণনা কৰি দাবী কৰিছে- এয়া হত্যাকাণ্ড । ২ এপ্ৰিলত স্বামী আৰু শাহু দুয়ো মিলি মৌচুমী হাজৰিকাক প্ৰহাৰ কৰিছিল বুলিও প্ৰকাশ প্ৰত্যক্ষদৰ্শীৰ।
সমগ্ৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চাহিল হাজৰিকাৰ পৰিয়ালৰ । দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা বুলি মৌচুমী হাজৰিকাৰ পৰিয়ালক খবৰ দিয়াৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মৌচুমী হাজৰিকাক প্ৰথমে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আৰু পৰৱৰ্তী সময়ত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল স্বামী চাহিল হাজৰিকাই।
কালি পুৱতি নিশা অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে মৌচুমী হাজৰিকাই । স্বামী চাহিল হাজৰিকাৰ ঘৰ হাতীখোক মায়াচুকত। হত্যাকাণ্ডৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ মৃত মৌচুমী হাজৰিকাৰ পৰিয়ালৰ ।
স্বামী চাহিল হাজৰিকা আৰু মাতৃয়ে মিলি মাৰপিট কৰি ৰাস্তাত পেলাই দি স্কুটীৰে দুৰ্ঘটনা হোৱা বুলি মৌচুমী হাজৰিকাৰ অভিভাৱকক অৱগত কৰাৰ অভিযোগ মৌচুমীৰ পৰিয়ালৰ।
২০২৩ বৰ্ষৰ জানুৱাৰীত চাহিল হাজৰিকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মৌচুমী হাজৰিকা । বিবাহপাশত আবদ্ধ হোৱাৰ দিনৰে পৰা চাহিল হাজৰিকা আৰু মাতৃয়ে মাৰপিট কৰাৰ অভিযোগ মৌচুমী হাজৰিকাৰ পৰিয়ালৰ।
ঘটনা সন্দৰ্ভত মৌচুমী চুলতানাৰ পৰিয়ালে ইতিমধ্যে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।
উৎস: প্ৰাগ নিউজ ডিজিটেল