কেৰালাত ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্রান্ত, ছিগেল্লা ভাইৰাছৰ দ্রুত গতিত সংক্ৰমণ

dainik janambhumi June 19, 2026

ডিজিটেল ডেস্ক : চলিত বৰ্ষত কেৰালাত ছিগেল্লা ভাইৰাছৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে কমেও লোকে ৬জন এই ভাইৰাছত আক্ৰান্ত হৈ প্রাণ হেৰুৱাইছে ৰাজ্যখনত। কেৰালাত বর্তমান দুই শতাধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। কেৰালাৰ স্বাস্থ্য বিভাগে ৰাজ্যখনত এই ভাইৰাছৰ সংক্ৰমণৰ বিষয়ত নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা বৃদ্ধি কৰিছে। 

চলিত জুন মাহতে ৰাজ্যখনত ১০০জন লোক ছিগেল্লা ভাইৰাছত আক্ৰান্ত হৈছে। ৰাজ্যখনত এই ভাইৰাছৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধি পাইছে। জানুৱাৰী আৰু জুন মাহৰ ভিতৰত কোঝিকোড়েত সর্বাধিক ৮৪জন লোক এই ভাইৰাছত আক্রান্ত হয়। ঠিক সেইদৰে মাল্লাপুৰমত ২৫জন লোক আক্ৰান্ত হৈছে, ইয়াৰে ৩জনৰ মৃত্যু হৈছিল। 

উল্লেখযোগ্য যে এই ভাইৰাছত আক্রান্ত হ'লে গুৰুতৰভাৱে অন্ত্ৰত সংক্রমণ হয়। ভেজাল খাদ্য আৰু দূষিত পানীৰ জৰিয়তে এই ৰোগৰ সংক্ৰমণ হয় আৰু আক্রান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে আন এজন ব্যক্তিৰ দেহলৈ এই ৰোগৰ সংক্ৰমণ হয়।

Share This