ছট্টিশগড়ত ৬জন মাওবাদীক হত্যা, অস্ত্ৰ সম্বৰণ কৰিলে ঝাৰখণ্ডত দুই দুর্ধর্ষ সদস্যই

dainik janambhumi November 13, 2025

ডিজিটেল ডেস্ক : ছট্টিশগড়ৰ বীজাপুৰত মঙলবাৰে নিৰাপত্তা বাহিনীয়ে অভিযান চলোৱাৰ সময়ত ৬জন মাওবাদীৰ সদস্য নিহত হয়। বুধবাৰে পুৱা ৭বজালৈকে চলা এই অভিযানত নিৰাপত্তা বাহিনীয়ে বীজাপুৰৰ এখন বনাঞ্চলৰ পৰা বহুতো অস্ত্র-শস্ত্ৰ উদ্ধাৰ কৰে। 

নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে মঙলবাৰে পুৱাৰ পৰা ইন্দ্ৰৱতী ৰাষ্ট্ৰীয় উদ্যানত মাওবাদী-বিৰোধী অভিযান আৰম্ভ কৰিছিল। অভিযানৰ সময়ত দুয়োপক্ষৰ মাজত প্রচণ্ড গুলীয়াগুলী হয়। এই গুলীয়াগুলীত ৬জ নকৈ মাওবাদীৰ সদস্য নিহত হয়। 

আনহাতে, ঝাৰখণ্ডৰ লাটেহাৰ জিলাত বুধবাৰে আৰক্ষীৰ ওচৰত মাওবাদীৰ দুজন দুর্ধর্ষ সদস্যই আত্মসমর্পণ কৰে। ইয়াৰ ভিতৰত নিষিদ্ধ ঝাৰখণ্ড জন মুক্তি পৰিষদৰ এজন জ'নেল কমাণ্ডাৰো আছে। তেওঁৰ মূৰৰ বিনিময়ত ৫ লাখ টকাৰ পুৰস্কাৰ আছিল।

Share This