ডিজিটেল ডেস্ক : লেবাননৰ সন্ত্রাসবাদী এটাই পাকিস্তানৰ তিনিটা দুর্ধর্ষ সন্ত্রাবাদীক লৈ যোৱা ২৬ এপ্ৰিলত ভাৰতত অনুপ্রৱেশ কৰিছে। ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে সতৰ্ক কৰি দিছে যে লেবাননৰ হিজবুল্লাৰ সন্ত্রাসবাদীটোৱে তিনিটা পাকিস্তানী সন্ত্রাসবাদীৰ সহযোগত কাশ্মীৰ উপত্যকাৰ ৬ ঠাইত কুটাঘাট কার্য চলোৱাৰ পৰিকল্পনা কৰিছে। দক্ষিণ লেবাননৰ হিজবুল্লাৰ সন্ত্রাসবাদী ছাদাৰ বাজে পাকিস্তান হৈ ভাৰতত প্ৰৱেশ কৰিছে।
উল্লেখযোগ্য যে লেবাননী হিজবুল্লাৰ সন্ত্রাসবাদী ড্র'ন আক্ৰমণ কৰাত পাকৈত। চোৰাংচোৱা সংস্থাই ধাৰণা কৰা মতে, সন্ত্রাসবাদীকেইটা ২৩-২৫ বছৰ বয়সৰ হ'ব। এই অনুপ্রবেশ কৰা ৪টা সন্ত্রাসবাদীয়ে কাশ্মীৰ উপত্যকাত থকা ৬টা ভাৰতীয় সেনাৰ ঘাটিত আক্ৰমণৰ পৰিকল্পনা কৰিছে। আনহাতে, পাকিস্তানৰ আই এছ আইৰ পৃষ্ঠপোষকতা পোৱা দুর্ধর্ষ সন্ত্রাসবাদী শ্বাহজাদ ভাটিয়ে পাকিস্তানৰ পৰা এই সন্ত্রাসবাদী চাৰিটাক নিয়ন্ত্ৰণ কৰি থকাৰ লগতে কাশ্মীৰৰ স্থানীয় যুৱকৰ সৈতেও যোগাযোগ ৰক্ষা কৰি আছে। ভাৰতীয় চোৰাংচোৱাই লাভ কৰা খবৰ অনুসৰি, এই সন্ত্রাসবাদী চাৰিটাই পুঞ্চ ছেক্টৰেদি পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰিছে আৰু এই অনুপ্রৱেশত সন্ত্রাসবাদীকেইটাক কাশ্মীৰৰ স্থানীয় যুৱকে সহায় কৰিছে।
নিয়ন্ত্ৰণ ৰেখাৰ (এল অ'চি) সমীপৰ পুঞ্চ ছেক্টৰৰ গাগৰিয়া আৰু কুন্দে নালা এলেকাৰে সন্ত্রাসবাদীকেইটাই অনুপ্ৰৱেশ কৰি কাশ্মীৰত খোপনি পুতিছে। পাকিস্তান আৰু ভাৰতৰ এল অ' চিৰ সমীপত এই এলেকাটো পাহাৰ-বনাঞ্চল পাৰ হৈ আহিব লগা হোৱাত অনুপ্ৰৱেশৰ বাবে অতি সুচল। তিনিটা সন্ত্রাসবাদী জৈছ-এ-মহম্মদ আৰু লস্কৰ-এ-তৈয়বাৰ বুলি জানিব পৰা গৈছে। ২৩ বছৰীয়া জাকিৰ খান আৰু ২৪ বছৰীয়া জুলফিকাৰ ছিকাৰী নামৰ দুটা দুর্ধর্ষ সন্ত্রাসবাদী ভাৰতত অনুপ্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে জাকিৰ হৈছে মুম্বাই আক্ৰমণকাৰী আজমল কাছবৰ ভ্ৰাতৃ আৰু এটা সন্ত্রাসবাদী মিৰ হামাজা বুলি ভাৰতীয় চোৰাংচোৱাই চিনাক্ত কৰিছে।