ডিজিটেল ডেস্কঃ ভাৰতৰ গাড়ীৰ বজাৰৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হোৱা স্ক'ডা অট'ৱে যোৱা মাহত ৭,৪২২ খন বাহন বিক্রী কৰিবলৈ সক্ষম হৈছে। এয়াই হৈছে বৰ্তমানলৈকে ভাৰতত স্ক'ডাৰ সৰ্বাধিক মাহিলি বিক্রী। নতুন কাইলাক গাড়ীখন মুকলি হোৱাৰ পিচতে এই সফলতা লাভ কৰিছে প্রতিষ্ঠানটোৱে।
তদুপৰি ভাৰতৰ বজাৰত পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে স্ক'ডাই অভিনেতা ৰণবীৰ সিঙক ব্ৰেণ্ড ছুপাৰ ষ্টাৰ হিচাপে চুক্তিবদ্ধ কৰিছে। এই সন্দৰ্ভত প্রতিষ্ঠানটোৰ বিক্ৰী শাখাৰ সঞ্চালক পেট্র' জানেবাই কয় যে যোৱা মার্চ মাহত লাভ কৰা সফলতাই তেওঁলোকক অনুপ্ৰেৰণা যোগাইছে।
ভাৰতৰ বজাৰত পৰিসৰ বৃদ্ধি কৰাৰ বাবে নতুন গাড়ী মুকলি কৰাৰো পৰিকল্পনা কৰিছে স্ক'ডাই।