কানাডাত মোদীক হত্যাৰ শ্ল'গান

dainik janambhumi June 08, 2025

ডিজিটেল ডেস্ক : কানাডাত খালিস্তানী সমর্থকে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দিছে। খালিস্তানী সমর্থকসকলে জি-৭ শীর্ষ সন্মিলনলৈ প্রধানমন্ত্রী মোদীক নিমন্ত্রণ জনোৱাৰ তীব্ৰ বিৰোধিতা কৰিছে। প্রধানমন্ত্রীক শীর্ষ সন্মিলনলৈ নিমন্ত্রণ জনোৱাৰ প্রতিবাদত শনিবাৰে খালিস্তানপন্থীসকলে বিক্ষোভ প্রদর্শন কবে। একাংশ খালিস্তানী সমর্থকে, 'কিল মোদী' (মোদীক হত্যা কৰক) শ্ল'গান দিয়ে। উল্লেখযোগ্য যে বিশ্বত ভাৰতৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কানীয়ে তেওঁক শীর্ষ সন্মিলনলৈ নিমন্ত্রণ জনাবলৈ বাধ্য হয়। মন কৰিবলগীয়া কথাটো হ'ল খালিস্তানী সমর্থকে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতিবাদ কৰাৰ লগতে মুকলিকৈ তেওঁক হত্যা কৰাৰ ভাবুকি দিয়া শ্ল'গান দিয়ে যদিও সেই সময়ত তাত উপস্থিত থকা কানাডাৰ পুলিচে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাছিল। ইফালে ভাৰতত নিষিদ্ধ ঘোষিত সংগঠন শিখ ফল। জাষ্টিচৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুৱে প্রধানমন্ত্রী মোদীৰ ভ্ৰমণৰ সময়ত প্রতিবাদী কাৰ্যসূচীৰ আহবান জনাইছে। তেওঁ প্রধানমন্ত্রীক লৈ যোৱা বিমানে কানাডাত অৱতৰণ কৰাৰ সময়ৰ পৰা প্ৰধানমন্ত্ৰী তাৰ পৰা উভতি অহাৰ সময়লৈকে প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰে। 

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বিৰোধিতা কৰিছে কানাডাৰ নিউ ডেম'ক্রেটিক পার্টিয়ে (এন ডি পি)। এন ডি পিৰ মতে দেশখনৰ চৰকাৰে লোৱা এই সিদ্ধান্ত শিখ সম্প্ৰদায়ৰ লোকসকলৰ বাবে অতি উদ্বেগজনক। এন ডি পিৰ নেতা জগমীত সিঙে কয় যে শীর্ষ সন্মিলনলৈ প্রধানমন্ত্রী মোদীক নিমন্ত্রণ নজনাবলৈ বিশ্ব শিখ সংগঠনে যোৱা ২১ মে'ত প্রধানমন্ত্রী কার্নীক দাবী জনাইছিল। 

উল্লেখযোগ্য যে অহা ১৫-১৭ জুনত এলবাৰ্টাৰ কানানাস্কিভূত অনুষ্ঠিত হ'ব জি ৭ শীর্ষ সন্মিলন। শুকুৰবাৰে কানাডাৰ প্রধানমন্ত্রী কার্নীয়ে প্রধানমন্ত্রী মোদীলৈ ফ'ন কৰি শীৰ্ষ সম্মিলনলৈ নিমন্ত্রণ জনায়। উল্লেখযোগ্য যে ২০২৩ চনত খালিস্তানী সন্ত্রাসবাদী হৰদীপ সিং নিজৰৰ হত্যাকাণ্ডৰ পাছত ভাৰত আৰু কানাডাৰ সম্পৰ্কত তিক্ততাৰ সৃষ্টি হৈছিল। কানাডাই এই হত্যাকাণ্ডত ভাৰতৰ হাত থকা বুলি অভিযোগ কৰিছিল। অৱশ্যে ভাৰতে এই দাবী অগ্রাহ্য কৰিছে।

Share This