ডিজিটেল ডেস্ক : অসমত সময়মতে ৰূপায়িত নহয় কেন্দ্রীয় প্রকল্পসমূহ। যাৰ ফলত বাজেট বৃদ্ধি পোৱাত প্রকল্পসমূহৰ নামত অতিৰিক্তভাৱে কোটি কোটি টকা ব্যয় কৰিব লগীয়া হয় কেন্দ্ৰীয় চৰকাৰে। আনহাতে লেহেম গতিত প্রকল্পসমূহৰ ৰূপায়ণৰ কাম চলি থকাৰ ফলত অঞ্চলটোৰ বিকাশৰ গতিও আশা কৰা মতে ক্ষিপ্ৰ হোৱা নাই। অসমত দেখা দিয়া এনে পৰিস্থিতিৰ অৱসান ঘটোৱাৰ বাবে কালি নতুন দিল্লীত কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্রালয়ে (Statis-tics and Programme Implementation) এখন গুৰুত্বপূৰ্ণ বৈঠক আয়োজিত কৰে। উক্ত মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাও ইন্দ্ৰজিত সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সময়মতে প্রকল্প ৰূপায়ণ নোহোৱাৰ বিষয়টো বিস্তৃতভাবে পর্যালোচনা কৰা হয়।
বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিটো প্রকল্পৰে অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সময় মতে যাতে প্রকল্পসমূহ ৰূপায়িত হয় তাৰ বাবে বিশেষ কাৰ্যব্যৱস্থা গ্রহণ কৰাৰ বাবে সংশ্লিষ্ট দপ্তৰসমূহক নির্দেশ দিয়ে। বৈঠকত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, ৰে'ল, শক্তি, পেট্রলিয়াম, ডনাৰ আদি মুঠ এঘাৰটা দপ্তৰৰ আমোলা, বিষয়াসকল উপস্থিত আছিল। উল্লেখযোগ্য যে অসমত উজনিৰ ফ'ৰলেনৰ লগতে আন বহুকেইটা ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সময় মতে সম্পূর্ণ হোৱা নাই। বিশেষকৈ উজনিৰ জীৱনৰেখাসদৃশ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কাম আজিলৈকে সমাপ্ত নোহোৱাত উজনিৰ ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছ। আনকি বছৰৰ পাছত বছৰ পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে সম্পূৰ্ণ নহ'ল ইষ্ট-ৱেষ্ট কৰিডৰৰ কাম। আজিৰ বৈঠকত অসমত লেহেম গতিত কাম চলি থকা ১৭টা ৰাষ্ট্ৰীয় ঘাইপথৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে উজনিৰ ফ'ৰলেনৰ কাম ক্ষিপ্ৰ কৰিবলৈ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ক কোৱা হয়। মন কৰিব লগীয়া কথা যে লেহেম গতিত কাম চলি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পটো সম্পূৰ্ণ হোৱাৰ কথা আছিল ২০১০ চনত। নির্মাণ ব্যয় ধাৰ্য কৰা হৈছিল ৬২৮৫ কোটি টকা। কিন্তু প্রকল্পটোৰ ৰূপায়ণত লেহেম হোৱাত নির্মাণ ব্যয় সম্প্রতি ২৬,০৭৫ কোটি টকালৈ বৃদ্ধি পাইছে। এতিয়ালৈকে ৯৭ শতাংশ কাম সমাপ্ত হোৱা প্রকল্পটো চলিত বৰ্ষৰ মে' মাহত সমাপ্ত হোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে। একেদৰে ৫১১১.৩৩ কোটি টকা ব্যয় সাপেক্ষে নর্থ-ইষ্ট ৰিজন পাৱাৰ চিষ্টেম ইমপ্রুভমেণ্ট প্রকল্পটো ২০১৮ চনতে সমাপ্ত হ'ব লাগিছিল যদিও এতিয়া নতুন সময় নির্ধাৰণ কৰা হৈছে চলিত বৰ্ষৰ মাৰ্চ মাহ। ৯৬ শতাংশ কাম সমাপ্ত হোৱা প্ৰকল্পটোৰ নিৰ্মাণ ব্যয়ো ৬৭০০ কোটি টকালৈ বৃদ্ধি পাইছে। নুমলীগড়ৰ পৰা পাৰাদ্বীপলৈ খাৰুৱা তেল সৰবৰাহৰ বাবে স্থাপন কৰিব লগীয়া পাইপ লাইন আৰু টার্মিনেলৰ প্রকল্পটোও লেহম গতিত নির্মাণকার্য চলি আছে। ১০২২৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা এই প্রকল্পটো ২০২৪ চনৰ জুলাই মাহত সমাপ্ত হ'ব লাগিছিল যদিও এতিয়ালৈকে মাত্র ৮৮ শতাংশ কামহে সমাপ্ত হৈছে। শেহতীয়াকৈ প্রকল্পটো চলিত বৰ্ষৰ মাৰ্চ মাহত সমাপ্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে যদিও অভাৱনীয়ভাবে বৃদ্ধি পাইছে নির্মাণ ব্যয়। সেই অনুসৰি প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় বৃদ্ধি পাইছে ১১৪০৭ কোটি টকালৈ। পলম হৈছে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ কামো। ১২৩৬৬ কোটি টকাৰ ব্যয়ৰ লক্ষ্য লৈ আৰম্ভ কৰা এই প্রকল্পটো ২০২৪ চনৰ জুলাই মাহত সমাপ্ত হ'ব লাগিছিল। কিন্তু এতিয়া সংশোধিত বাজেটত এই প্রকল্পটোৰ নিৰ্মাণ ব্যয় ২২৪৯৪ কোটি টকালৈ বৃদ্ধি পাইছে। গুৱাহাটী ৰিফাইনেৰী সম্প্ৰসাৰণৰ কামো যথেষ্ট পলম হৈছে। ৪১২.৩ কোটি টকা ব্যয় হ'ব লগীয়া এই প্রকল্পটোৰ ব্যয় এতিয়া ৫৭৭কোটিলৈ বৃদ্ধি পাইছে।
উক্ত প্রকল্পটো নির্মাণ প্রথমে ২০২৩ চনৰ অক্টোবৰ মাহত সমাপ্ত কৰাৰ লক্ষ্য স্থিৰ কৰিছিল যদিও এতিয়া চলিত বৰ্ষৰ মে' মাহলৈ পিছুৱাই দিয়া হৈছে। ইফালে ৰে'ল প্ৰকল্পৰ ক্ষেত্ৰত মুৰ্কংচেলেকৰ পৰা পাছিঘাটলৈ নিৰ্মাণ কৰি থকা ৰে'ল পথছোৱাৰ নিমাণ কৰি থকা প্রকল্পটোৰ নিৰ্মাণ ব্যয়ো ৪৩৫ কোটি টকাৰ পৰা ১২৫০ কোটি টকালৈ বৃদ্ধি পাইছে। এতিয়ালৈকে ৬২ শতাংশ কাম সমাপ্ত হোৱা প্রকল্পটো বিগত বৰ্ষৰ মাৰ্চত কাম সমাপ্ত হোৱাৰ কথা আছিল যদিও এতিয়া নতুন সময়সীমা চলিত বৰ্ষৰ মে' ধাৰ্য কৰা হৈছে। কিন্তু এই সময়ৰ ভিতৰতো প্রকল্পটো সমাপ্ত নোহোৱাটো নিশ্চিত। তথ্য মতে অসমত এনেদৰে লেহেম গতিত কাম চলি থকা ১৫০ কোটি টকাৰ ওপৰৰ ব্যয় সাপেক্ষে প্রায় ৩১টা কেন্দ্রীয় প্রকল্প আছে। এনে পৰিস্থিতিত আজি অনুষ্ঠিত বৈঠকৰ পাছত সংশ্লিষ্ট দপ্তৰসমূহে প্রকল্পসমূহ ৰূপায়ণৰ কাম ক্ষিপ্ৰ কৰাত কিমান গুৰুত্ব দিয়ে সেয়া সময়েহে ক'ব।