ডিজিটেল ডেস্ক: ৰাজ্যত চাহ উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ দুখৰ অন্ত পৰিবনে? মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি চাহ উৎপাদনেৰে ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰাত অৰিহণা যোগোৱা এইসকল ক্ষুদ্র চাহ খেতিয়ক বছৰৰ পাছত বছৰ ধৰি শোষিত, নিষ্পেষিত আৰু বঞ্চিত হৈ আহিছে বিভিন্ন সা-সুবিধাৰ পৰা।
জানিব পৰা মতে, ইতিমধ্যে দুই-এখন বৃহৎ চাহ বাগিচাই কেঁচা পাত ছিঙা কাৰ্য আৰম্ভ কৰাৰ লগতে মার্চ মাহৰ প্ৰায় পাঁচ তাৰিখৰ পৰা অধিকাংশ কলঘৰে ছেগা-চোৰোকাকৈ উৎপাদন আৰম্ভ কৰিব। মুঠতে অহা মাৰ্চ মাহৰ শেষৰফালে কলঘৰসমূহে পূর্ণোদ্যমে উৎপাদন আৰম্ভ কৰিব। কিন্তু এই বৰ্ষত খৰাঙৰ মাত্রা বাঢ়ি যোৱাৰ বাবে ৰাজ্যৰ প্ৰায় আঢ়ৈ লাখ ক্ষুদ্র চাহ খেতিয়কে এতিয়া মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
মন কৰিবলগীয়া যে বৃহৎ চাহ বাগিচাসমূহে বাগিচাসমূহত নিয়মীয়াকৈ পানী যোগান ধৰাৰ ফলত খৰাং বতৰে বিশেষ প্রভাৱ পেলাব পৰা নাই। কিন্তু এই সময়ছোৱাত বিশেষকৈ ক্ষুদ্র চাহ খেতিয়কসকল ৰাজ্যখনত বেয়াকৈ ক্ষতিগ্রস্ত হৈছে। অভিযোগ অনুসৰি, বৰ্তমানৰ চৰকাৰখনে চৌদিশে উন্নয়নৰ শ্ল'গান আওৰাই থকাৰ সময়ছোৱাত একাষৰীয়া হৈ আছে ক্ষুদ্র চাহ খেতিয়কসকল।
ক্ষুদ্র চাহ খেতিয়কৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত খৰাং-সদৃশ বতৰত পানী যোগান ধৰিবৰ বাবে সা-সঁজুলি প্রদানৰ আশ্বাস দিছিল যদিও মূৰকত সেয়া হৈ নুঠিল। ইতিমধ্যে তদানীন্তন জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ সৈতে ক্ষুদ্র চাহ খেতিয়কৰে হোৱা আলোচনাৰ পাছতে পানী যোগান আঁচনি প্ৰদানৰ বাবে ছার্ভে কৰি হিতাধিকাৰীৰ এখন তালিকা প্রস্তুত হৈছিল যদিও এজনো খেতিয়কে লাভ নকৰিলে পানী যোগান সামগ্রী। আনহাতে, বতৰকে সাৰোগত কৰি অধিক পৰিশ্ৰমেৰে চাহ অর্থনীতিক টনকিয়াল কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকল উচিত মূল্যপ্ৰাপ্তিৰ পৰাও বঞ্চিত হৈ আহিছে। অভিযোগ অনুসৰি, ভাৰতীয় চাহ ব'ৰ্ডৰ উত্তৰ-পূব মাণ্ডলিক কাৰ্যবাহী সঞ্চালিকাই চাহৰ মূল্য প্ৰাপ্তিৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাকো অংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে ৰাজ্যৰ কলঘৰসমূহে।
উল্লেখযোগ্য যে ক্ষুদ্র চাহ খেতিয়কসকলৰ উৎপাদিত কেঁচা চাহপাত উপযুক্ত মূল্যৰ বিনিময়ত কলঘৰসমূহে ক্ৰয় কৰাৰ ব্যৱস্থা কৰা, এশ শতাংশ ৰাজহুৱা নিলাম ব্যৱস্থাৰ জৰিয়তে পকা পাত বিক্ৰীৰ স্বচ্ছতা প্ৰকাশ কৰা, উপ কৰ পুঁজিৰ জমাধনেৰে ক্ষুদ্র চাহ খেতিয়কৰ বাবে কলঘৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা, চৰকাৰী নিৰ্দেশনা মানি নচলা কলঘৰৰ বিৰুদ্ধে প্রশাসনিক ব্যৱস্থা গ্রহণ কৰা আৰু বহিঃৰাজ্যৰ অনুন্নত কেঁচা চাহপাত সৰবৰাহ ৰোধ কৰাৰ লগতে কেঁচা চাহৰ গুণগতমান অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আপত্তিবিহীন প্ৰমাণ-পত্ৰৰ বাধ্যতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলে বাৰম্বাৰ দাবী জনাই আহিছে যদিও বিভাগীয় কর্তৃপক্ষই কিন্তু এইক্ষেত্রত মৌনব্রত পালন কৰা বুলিহে অভিযোগ উত্থাপন হৈ আহিছে। গুৰুত্বপূর্ণ বিষয় এয়ে যে কেঁচা চাহপাতৰ মূল্য নির্ধাৰণ কৰে ভাৰতীয় চাহ ব'ৰ্ডে। সেই অনুসৰি এম বি পি হ'ল ক্ষুদ্র চাহ খেতিয়কৰ প্রাপ্য। এম বি পি হ'ল বেঞ্চমার্ক প্রাইচ অর্থাৎ জিলাখনৰ সৰ্বনিম্ন মূল্য। কিন্তু কেৱল ঘোষণাতে সীমাবদ্ধ এই এম বি পি কলঘৰসমূহে খেতিয়কক প্রদান কৰিছে নে নাই সেয়া নিৰীক্ষণ কৰিবলৈকো বিভাগীয় কর্তৃপক্ষৰ আহৰি নাই বুলিও অভিযোগ তুলিছে ক্ষুদ্র চাহ খেতিয়কসকলে। বহু সময়ত কেঁচা চাহপাতৰ মানক লৈয়ো মূল্য হ্রাস কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাধমাৰ শোধাই অহাৰ বিপৰীতে পাতৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ল'বলগীয়া যাৱতীয় ব্যৱস্থাসমূহো গ্ৰহণ নকৰাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছে।
মন কৰিবলগীয়া যে শেহতীয়াকৈ ৰাজ্যৰ বহুসংখ্যক চাহ খেতিয়কে চাহৰ গুণগতমানৰ প্ৰতি লক্ষ্য ৰাখি জৈৱিক পদ্ধতিৰে ঘৰুৱাভাৱে গ্রীন টী, অর্থডক্স, চি টি চি আদি উন্নতমানৰ চাহ উৎপাদনত ব্ৰতী হৈছে। যাৰ চাহিদা আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট বৃদ্ধি পাইছে। ইফালে, খাদ্য সুৰক্ষা আৰু মানৰ ক্ষেত্ৰত সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাই কৰ্মশালাৰ জৰিয়তে খেতিয়কসকলক ৰাসায়নিক দ্রব্য ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই আহিছে যদিও একাংশই বজাৰত উপলব্ধ ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰাৰ ফলত এই পদ্ধতি অৱলম্বন কৰাসকলে অসুবিধাৰ সন্মুখীন হৈছে। এনে সমস্যাৰে ভাৰাক্ৰান্ত হৈ বহু খেতিয়কে চাহ বিপ্লৱৰ পৰা আঁতৰি আহি বিকল্প পথৰ সন্ধানত নামি পৰা বুলিও জানিব পৰা গৈছে। চৰকাৰ অথবা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিত যদিহে ক্ষুদ্র চাহ খেতিয়কসকল লাভান্বিত নহয়, তেন্তে অতি কম সময়ৰ ভিতৰতে অসমৰ অৰ্থনীতি টনকিয়াল কৰা এটা বিপ্লৱৰ যৱনিকা যে পৰিব সেয়াও একপ্ৰকাৰৰ সত্য।