ডিজিটেল ডেস্ক : হিমালয় পবর্তাৱলীত দ্রুতগতিত বৰফ গলিবলৈ ধৰিছে। ইয়াৰ বাবে গংগা, ব্রহ্মপুত্র আৰু সিন্ধু আদি প্রধান নদীসমূহৰ উপত্যকালৈ গুৰুতৰ ভাবুকিৰ সৃষ্টি হৈছে। ইয়াৰ লগে লগে এই প্রধান নদীকেইখনৰ ওপৰত নির্ভৰশীল দেশৰ ৬৫ কোটি নাগৰিকলৈও অশনি সংকেত নামি আহিছে। বিশ্বৰ বৃহত্তম প্রাকৃতিক জল ভাণ্ডাৰৰ ভিতৰত অন্যতম হিন্দু কুশ হিমালয় (এইচ কে এইচ)ত মুঠ পৰিমাণৰ ৭৪ শতাংশ জল ভাণ্ডাৰ আৰু হিমবাহ অঞ্চল আছে। এই তিনিখন নদীৰ বেছিনত ৭৪ শতাংশ জল ভাণ্ডাৰ আছে। 'এইচ কে এইচ'ৰ হিমবাহৰ বিষয়ত আলোকপাত কৰি শেহতীয়াকৈ প্রকাশ কৰা এখন প্রতিবেদনত প্রকাশ পাইছে যে যোৱা তিনিটা দশকত হিমালয়ত দ্রুতগতিত বৰফ গলিবলৈ ধৰিছে। ইয়াৰ বাবে বতৰীয়া জল উপলব্ধতা আৰু এই নদীসমূহত দীর্ঘ দিনলৈ পানীৰ ধাৰা বৈ অহাটোৰ বিষয়ত গুৰুতৰ ভাবুকি আহি পৰিছে। হিমালয় পৰ্বতাৱলীৰ হিমবাহৰ পানীয়ে খৰাং দিনত পানীৰ অভাব দূৰ কৰে আৰু জলবিদ্যুৎ সৃষ্টি কৰাৰ লগতে নামনি অঞ্চলৰ কৃষি আৰু অর্থনীতিত বিশেষভাৱে উপকৃত কৰে।
১৯২০-২০২০ চনলৈ হিন্দু কুশ হিমালয় অঞ্চলত হিমবাহৰ আকৃতিৰ পৰিৱর্তন শীর্ষক প্রতিবেদনখনত প্রকাশ পাইছে যে এই নদী তিনিখনৰ জলধাৰাৰ পৰিধি ক্রমান্বয়ে হ্রাস পাইছে আৰু ইয়ে এক গুৰুতৰ সংকটৰ সূচনা কৰিছে। পর্বতাৱলী পৰিৱেশতন্ত্র সংৰক্ষণৰ বাবে উৎসর্গিত কাঠমাণ্ডুস্থিত এটা আন্তঃচৰকাৰী সংস্থা, ইন্টাৰনেশ্যনেল চেন্টাৰ ফৰ ইন্টিগ্রেটেড মাউন্টেইন ডেভেলপমেন্টে কৰা অধ্যয়নৰ ভিত্তিত এই প্রতিবেদন প্রস্তুত কৰা হৈছে।
উল্লেখযোগ্য যে ২০২০ চনত উপগ্রহীয় ছবিত পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে যে 'এইচ কে এইচ' অঞ্চলত ৬৩,৭০০-তকৈ অধিক হিমবাহ আছে আৰু ৫৫,৭৮২ বৰ্গ কিল'মিটাৰ অঞ্চল সামৰি আছে। এই হিমবাহত ৫,৭৩৬ কিউবিক কিল'মিটাৰ বৰফৰ ভাণ্ডাৰ আছে। অধ্যয়নটোত আৰু কোৱা হৈছে যে অঞ্চলটোত দ্রুতগতিত বৰফ গলাৰ ফলত এছিয়াৰ কমেও ১০খন প্রধান নদীৰ জলধাৰাত প্রভাৱ পৰিব আৰু নদীসমূহৰ উপত্যকাৰ ২০০ কোটি জনতাৰ মাজত খাদ্য, জল আৰু শক্তি আৰু জীৱন-জীৱিকাত গুৰুতৰ প্রভাৱ পৰিব। উল্লেখযোগ্য যে ১৯৯০-২০২০ বর্ষৰ ভিতৰত 'এইচ কে এইচ' অঞ্চলত মুঠ হিমবাহ এলেকাৰ পৰা ১২ শতাংশ বৰফ গলিছে আৰু ১ শতাংশ বৰফৰ ভাণ্ডাৰ নাইকিয়া হৈছে।