ইণ্ডোনেছিয়াত ১৬ৰ অনূর্ধ্ব কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ সামাজিক মাধ্যম

dainik janambhumi March 30, 2026

ডিজিটেল ডেস্ক : দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন ৰাষ্ট্ৰ - হিচাপে ইণ্ডোনেছিয়াই ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। 

এতিয়াৰ পৰা দেশখনৰ কিশোৰ-কিশোৰীয়ে ইউটিউব, টিকটক, ফে'চবুক, ইনষ্টাগ্রাম, থ্রেডছ, এক্স, বিগো লাইভ আৰু ৰোব্লক্স ব্যৱহাৰ কৰিবও নোৱাৰিব আৰু এইবোৰত একাউন্টো খুলিব নোৱাৰিব। শনিবাৰৰ পৰা দেশখনৰ চৰকাৰে এই সিদ্ধান্ত বলবৎ কৰিছে। চৰকাৰৰ এই সিদ্ধান্তই দেশখনৰ ৭০ নিযুত কিশোৰ-কিশোৰীক সামৰি ল'ব। 

দুই-এদিনৰ ভিতৰতে দেশখনৰ কিশোৰ-কিশোৰীৰ সামাজিক মাধ্যমত থকা সকলো একাউন্ট নিষ্ক্রিয় কৰিব চৰকাৰে। উল্লেখযোগ্য যে যুৱ প্ৰজন্মক সামাজিক মাধ্যমৰ নেতিবাচক প্ৰভাৱৰ পৰা সুৰক্ষিত কৰাৰ বাবে বিশ্বৰ বহুকেইখন দেশে ইতিমধ্যে ১৬ বছৰ বয়সৰ তলৰসকলৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।

Share This