সমাধান হʼল ভোটাৰ কাৰ্ডৰ সমস্যা 

dainik janambhumi May 14, 2025

ডিজিটেল ডেস্কঃ ভাৰতৰ নিৰ্বাচন আয়োগে ডুপ্লিকেট ভোটাৰ কাৰ্ডৰ সমস্যা সমাধান কৰিছে। নির্বাচন আয়োগে মঙলবাৰে কয় যে ডুপ্লিকেট কাৰ্ডসমূহৰ বিপৰীতে ইতিমধ্যে নতুন ভোটাৰ কাৰ্ড জাৰি কৰা হৈছে। নতুন কার্ডসমূহত নতুন এপিক নম্বৰ সন্নিবিষ্ট কৰা হৈছে বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে।

বিভিন্ন ক্ষেত্রভিত্তিক সত্যাসত্য নিৰূপণৰ সময়ছোৱাত এনেধৰণৰ একে এপিক নম্বৰ থকা প্ৰকৃত ভোটাৰসকল বিভিন্ন বিধানসভা সমষ্টিত আৰু বিভিন্ন ভোটদান কেন্দ্রত আছে। সূত্ৰসমূহে কয় যে বিৰোধী দলসমূহে ভোটাৰ তালিকাত অবৈধ ভোটাৰৰ নাম সন্নিৱিষ্ট হৈ আছে বুলি দাবী জনাই থকাৰ মাজতে নির্বাচন আয়োগে ঘোষণা কৰিছিল যে তিনি মাহৰ ভিতৰত ভোটাৰ তালিকাৰ সমস্যা সমাধান কৰা হ'ব।

এই দীর্ঘদিনীয়া সমস্যাটোৰ সমাধান কৰিবলৈ নির্বাচন আয়োগে সমগ্ৰ ভাৰতৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ১০.৫০ লাখ ভোটদান কেন্দ্ৰৰ ৪,১২৩টা বিধানসভা সমষ্টিত মুখ্য নির্বাচন বিষয়াসকলৰদ্বাৰা প্ৰায় ৯৯ কোটি ভোটাৰৰ ইলেক্টৰেল ডাটাবেছত অনুসন্ধান চলাই এই সমস্যা সমধান কৰে। প্ৰতি ১০০০টা ভোটদান কেন্দ্রত গড় হিচাপত এই অনুসন্ধান চলোৱা হয় বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে।

Share This