কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহ পান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ

Rashmi November 03, 2025

ডিজিটেল ডেস্কঃ  শহুৰেক ঘৰত পত্নীক দেখা কৰিবলৈ যোৱা জোঁৱাইক বিহ পান কৰোৱাৰ ঘটনা সংঘটিত হৈছে । ঘটনাৰ তিনিটা দিন পাছত চিকিৎসাধীন অৱস্থাত শিলচৰ মেডিকেল কলেজত মৃত্যু জোঁৱাইৰ। পত্নীসহ শহুৰেকৰ পৰিয়ালৰ কেইবাজনৰ বিৰুদ্ধে গোচৰ ৰুজু মৃতকৰ পৰিয়ালৰ।

যোৱা তিনি দিন পূৰ্বে কাছাৰ জিলাৰ কাটিগড়াত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা । জানিব পৰা মতে, বিমল দাস নামৰ এজন ব্যক্তি আৰু তেওঁৰ পত্নীৰ মাজত কেইদিনমান পূৰ্বে কাজিয়া হৈছিল । পত্নীয়ে স্বামীৰ সৈতে কাজিয়া কৰি পিতৃগৃহলৈ গুচি গৈছিল। আৰু যোৱা তিনিদিন পূৰ্বে নিজ সন্তানক লগত লৈ স্বামী বিমল দাসে পত্নীক লগ ধৰিব লৈ গৈছিল । কিন্তু শহুৰেকৰ ঘৰত যোৱাৰ পাছত বিমলক মাৰপিট কৰি জোৰজৰবদস্তি বিহ পান কৰাই শহুৰেকৰ পৰিয়ালৰ লোকে হত্যা কৰিছে বুলি অভিযোগ তোলে তেওঁৰ পৰিয়ালৰ লোকে৷

ঘটনাৰ পাছত লোকজনক শিলচৰ মেডিকেল কলেজত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় আৰু কালি চিকিৎসাধীন অৱস্থাত মেডিকেল কলেজত মৃত্যু হয় লোকজনৰ।

ইপিনে বিমলৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালৰ লোক সকলে হত্যাৰ অভিযোগ তুলি কাটিগড়া আৰক্ষী চকীত বিমলৰ পত্নীসহ শহুৰেকৰ পৰিয়ালৰ কেইবাজনোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This