ডিজিটেল ডেস্কঃ সমগ্র দেশ কঁপাই যোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ওলাইছে গুৱাহাটী কানেকশান। মেঘালয় আৰক্ষীয়ে অত্যন্ত ক্ষিপ্ৰতাৰে ৰাজা ৰঘুবংশীৰ নৃশংস হত্যাকাণ্ডৰ মাজতে ওলাই পৰা গুৱাহাটী কানেকশ্য়ন এতিয়া তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।
কালি ৰাজাৰ পত্নী সোনম ৰঘুবংশীকে ধৰি আটাইকেইটা হত্যাকাৰীকে আদালতত হাজিৰ কৰাৰ পাছতে মেঘালয় আৰক্ষীৰ এটা বিশেষ দল উপস্থিত হয়হি গুৱাহাটীত। এটা লজৰ সন্ধানত গুৱাহাটীত আহি উপস্থিত হোৱা এই দলটোৱে মহানগৰীৰ পাণবজাৰৰ আনন্দ লজত দীর্ঘ সময় অভিযান চলাই লজটোৰ মেনেজাৰজনক সোধা-পোছাৰ বাবে শ্বিলঙলৈ লৈ যায়। আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে যে ইন্দোৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈয়েই ৰাজা আৰু সোনম ৰঘুবংশীয়ে এই লজটোতেই আশ্ৰয় লৈছিলহি আৰু ইয়াৰ পৰাই প্ৰথমতে কামাখ্যা আৰু তাৰ পাছত মেঘালয়লৈ মধুচন্দ্ৰিকাৰ বাবে যাত্ৰা কৰিছিল নৱবিবাহিত ৰঘুবংশী দম্পতীয়ে। কিন্তু শেহতীয়াকৈ আৰক্ষীৰ তদন্তত আন এক চাঞ্চল্যকৰ তথ্যও পোহৰলৈ আহিছে যে নিজৰ স্বামী ৰাজাক হত্যা কৰিবৰ বাবে সোনমে যিকেইটা চুপাৰী কিলাৰ নিয়োগ কৰে সেই তিনিটা চুপাৰী কিলাৰ ক্ৰমে আকাশ ৰাজপুত, আনন্দ কুর্মি আৰু বিকাশ ৰাজপুতেও গুৱাহাটীত উপস্থিত হৈ এই আনন্দ লজতে আশ্রয় লৈছিলহি। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি ২০ মে'ত এই হত্যাকাৰী তিনিটাই পাণবজাৰৰ আনন্দ লজত কটাই ২১ মে'ত শ্বিলঙলৈ ৰাজাক হত্যা কৰিবৰ বাবে ওলাই গৈছিল। এতিয়া মেঘালয় আৰক্ষীয়ে হত্যাকাৰী তিনিটাই - আশ্রয় লোৱা লজটোৰ ৩২ নম্বৰ কোঠাটোতো অভিযান চলাইছে। আৰক্ষীয়ে 'চিকাৰ' আৰু 'চিকাৰী'য়ে গুৱাহাটীৰ একেটা লজতে আশ্ৰয় লোৱা ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে। নিজৰ স্বামীক হত্যা কৰাৰ সোনম ৰঘুবংশীৰ যি ভয়ানক আৰু নৃশংস পৰিকল্পনা আছিল সেই পৰিকল্পনাৰ অংশ আছিল নেকি পাণবজাৰৰ আনন্দ লজ। এতিয়া মেঘালয় আৰক্ষীয়ে এই প্ৰশ্নৰ উত্তৰৰ সন্ধান কৰি আছে।