ডিজিটেল ডেস্ক : আজি শ্বিলঙলৈ অনা হ’ব ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা ৰাজাৰ পত্নী সোনম ৰঘুবংশীক।
সোনমক লৈ বিয়লি ভাগত কলকাতাৰ পৰা গুৱাহাটী বিমান বন্দৰত উপস্থিত হ'ব মেঘালয় আৰক্ষীৰ দলটো। আজি বিয়লি ৩-৫৫ বজাত সোনমক লৈ আৰক্ষী উপস্থিত হ’ব গুৱাহাটী বিমান বন্দৰত।
গুৱাহাটীৰপৰা পোনে পোনে শ্বিলঙলৈ লৈ যোৱা হ’ব সোনম ৰঘুবংশীক। ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হ’ব শ্বিলঙত। উল্লেখযোগ্য যে সোমবাৰে গাজীপুৰ আদালতত হাজিৰ কৰোৱা হয় অভিযুক্ত সোনম ৰঘুবংশীক।