ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ

dainik janambhumi December 01, 2025

ডিজিটেল ডেস্ক : নেশ্যনেল হেৰল্ড গোচৰৰ সৈতে ধনৰ অবৈধ সৰবৰাহৰ সংক্ৰান্তত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ কৰাৰ অভিযোগ অনা হৈছে। দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই গান্ধী পৰিয়ালৰ দুজন সদস্যসহ ছয়জন লোকৰ বিৰুদ্ধে এই গোচৰৰ সন্দৰ্ভত নতুনকৈ দাখিল কৰা এখন এজাহাৰত এই বিষয়টো উল্লেখ আছে। 

এজাহাৰখনত চেম পিট্ৰ'ডা সুমন ডুবে, সুনীল ভাণ্ডাৰী আৰু এজন অচিনাক্ত ব্যক্তিৰ নাম আছে। তদুপৰি তিনিটা কোম্পানী এছ'চিয়েট জার্নেল লিমিটেড, ইয়ং ইণ্ডিয়ান আৰু ড'টেক্স মার্চেনডাইজ প্রাইভেট লিমিটেডকো এই গোচৰৰ সৈতে সাঙোৰা হৈছে। 

এজাহাৰখনত অভিযোগ অনা হৈছে যে এছ'চিয়েটেড জার্নেল লিমিটেডে (এ জে এল) ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ৯০.২৫ কোটি টকাৰ সুতবিহীন ঋণ লৈ ঘূৰাই দিয়া নাছিল। এই ক্ষেত্রত এ জে এলৰ অভিভাৱক প্রতিষ্ঠান অধুনালুপ্ত নেশ্যনেল হেৰল্ড বাতৰি কাকতখন ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ মালিকানাধীন আছিল আৰু সেই সময়তে দুয়োজনে অপৰাধমূলক ষড়যন্ত্ৰ কৰি প্ৰৱঞ্চনাৰে এ জে এলক মালিকানাধীন কৰিছিল বুলি ই ডিয়ে অভিযোগ কৰিছে।

Share This