ডিজিটেল ডেস্ক : কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্র তথা লোক সভাত বিৰোধী দলপতি ৰাহুল গান্ধী নেশ্যনেল হেৰল্ড গোচৰত সংকটৰ সন্মুখীন হোৱাৰ আশংকা ঘনীভূত হৈছে। আইন বলৱৎকাৰী সঞ্চালকালয়ে (ই ডি) দাখিল কৰা অভিযোগৰ ভিত্তিত আদালতে অহা ২-৮ জুলাইলৈ এই গোচৰৰ নিয়মীয়া শুনানি গ্রহণ কৰিব। নেশ্যনেল হেৰল্ড গোচৰটো ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এছ'চিয়েটেড জার্নেল লিমিটেডৰ (এ জে এল) মাজৰ প্ৰায় ৯০.২৫ কোটি টকাৰ ঋণৰ সৈতে জড়িত।
ই ডিয়ে কৰা অভিযোগ মতে, এই ঋণৰ ৫০ কোটি টকা য়ং ইণ্ডিয়া নামৰ হঠাৎ গঠন কৰা কোম্পানী এটালৈ হস্তান্তৰ কৰা হৈছিল। ইয়াৰ অন্তৰালত প্রায় দুহেজাৰ কোটি টকাৰ সম্পত্তি দখল কৰাৰ ষড়যন্ত্র জড়িত হৈ আছে। ই ডিয়ে আদালতত কৰা অভিযোগ মতে য়ং ইণ্ডিয়া কোম্পানীক ভাৰতীয় জাতীয় কংগ্রেছে দান সূত্রে পোৱা ধন ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ই ডিৰ হৈ আদালতত ওকালতি কৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয় যে য়ং ইণ্ডিয়াৰ ৭৬% অংশ ছোনিয়া গান্ধীৰ আৰু তেওঁ ৫০ লাখ টকীয়া এই কোম্পানীটোৰ জৰিয়তে ৯০.২৫ কোটি টকাৰ সম্পত্তি নিজৰ নিয়ন্ত্ৰণলৈ নিয়ে। স্পষ্ট ৰূপত ই প্রৱঞ্চনাৰ গোচৰ।
ই ডিৰ অধিবক্তাৰ মতে কংগ্ৰেছক দান দিয়াসকল প্রকৃত পীড়িত। ই ডিয়ে আদালতক এই বুলিও জনায় যে অভিযুক্ত কেউজনে এ জে এলৰ সম্পত্তি ভাৰা দিয়াৰ বাবত ১৪২ কোটি টকা আয় কৰে। ই ধনৰ অবৈধ সৰবৰাহৰ অংশ। ই ডিয়ে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ উপৰি ছেম পিট্ৰডা তথা সুম ডুবেসহ এই গোচৰত সাতজন ব্যক্তিক অভিযুক্ত কৰিছে।