কৰ্মসংস্থাপনৰ বাবে গৈ পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়া ব্যক্তিৰ

dainik janambhumi May 02, 2026

ডিজিটেল ডেস্ক: পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়া ব্যক্তিৰ। শোণিতপুৰৰ ৰঙাপৰাৰ সোণাবিল গাঁৱৰ মিথিলা কেওট নামৰ এজন ব্যক্তিয়ে বহিঃৰাজ্যত মৃত্যুক সাবটি লয়। 

বিশাখাপট্টনমলৈ কৰ্মসংস্থাপনৰ বাবে গৈছিল মিথিলা কেওট। একেখন গাঁৱৰে কেইবাগৰাকী যুৱকৰ সৈতে কাম কৰিবলৈ  গৈছিল মিথিলা কেওট। কিন্তু বিশাখাপট্টনম পোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল মিথিলা কেওট ।

তাৰ পাছতেই  ৰহস্যজনক অৱস্থাত মিথিলা কেওটৰ মৃতদেহ উদ্ধাৰ হয় বুলি পৰিয়ালৰ লোকক জনোৱা হয়। আনহাতে, ঘটনা সন্দৰ্ভত মিথিলা কেওটৰ পৰিয়ালে উক্ত ঘটনাটো হত্যাকাণ্ড বুলি সন্দেহ কৰি দুজন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। 

এজাহাৰৰ ভিত্তিত ৰঙাপৰা আৰক্ষীয়ে অমিত গোৱালা আৰু শ্যাম কন্ধ নামৰ দুজন যুৱকক সোধ-পোছা অব্যাহত ৰাখিছে ।






উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This