ডিজিটেল ডেস্ক: ৰাজ্য চৰকাৰে মিচিং, তিৱা আৰু ৰাভা জনজাতিক ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাছতে সৰৱ হৈ পৰিছে সোণোৱাল কছাৰী, দেউৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠী।
কালি ডিব্ৰুগড়ত বাণীকান্ত পেগু ভৱনত আয়োজিত এখন সংবাদমেলত মিচিং, তিৱা আৰু ৰাভা জনজাতিক ষষ্ঠ অনুসূচীভুক্ত কৰাৰ সিদ্ধান্তক আদৰণি জনোৱাৰ বিপৰীতে সোণোৱাল কছাৰী, দেউৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠীক ইয়াৰ পৰা বঞ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে।
কালি পুৱাৰ ভাগত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, দেউৰী আচ্ছং ষষ্ঠ অনুসূচী দাবী পৰিষদ, সোণোৱাল কছাৰী যুৱ পৰিষদ, সদৌ অসম সোণোৱাল কছাৰী সমাজ আৰু সদৌ অসম দেউৰী মহিলা পৰিষদে উল্লিখিত দাবী পূৰণৰ বাবে দেউৰী আচ্ছং ষষ্ঠ অনুসূচী পৰিষদৰ সভাপতি ডাঃ আব্দুল দেউৰীৰ পৌৰোহিত্যত অনুষ্ঠিত এক যৌথ আলোচনাত আলোচনামর্মে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সোণোৱাল, দেউৰী আৰু ঠেঙাল কছাৰীসকলক ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰা বা সাংবিধানিক মর্যাদা প্রদান কৰিবৰ বাবে পুংখানুপুংখভাৱে আৰু বিশেষকৈ ১৯৯৬ চনত ডাঃ দিলীপ সিং ভূৰীয়াই ভাৰতবৰ্ষৰ সংসদত দাখিল কৰা প্ৰতিবেদনৰ আধাৰত আৰু ১৯৮৩ চনত ত্ৰিপুৰাৰ তিনিখন জিলাক সাঙুৰি ষষ্ঠ অনুসূচীৰ অধীনত ত্ৰিপুৰা জিলা জনজাতি স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ যি ধাৰণা, ইয়াৰ ভিত্তিত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰিবলৈ প্ৰস্তাৱ গ্রহণেৰে দাবী উত্থাপন কৰে। সভাই ১৯ জানুৱাৰীত গুৱাহাটীত সোণোৱাল কছাৰী, দেউৰী আৰু ঠেঙাল কছাৰীসকলক ষষ্ঠ অনুসূচী প্ৰদানৰ দাবীত যৌথভাৱে গণ অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। সেইদৰে সভাই তিনিও জনজাতিৰ জাতীয় সংগঠনসমূহৰ সহযোগত ৫ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ যন্তৰ মন্তৰত এক ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি সভাই চলিত জানুৱাৰীৰ শেষ ভাগত বগীবিলৰ কাৰেং চাপৰিত অনুষ্ঠিতব্য মিচিং ফেষ্টিভেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি এই সম্পৰ্কত এক স্মাৰক-পত্ৰ প্ৰদানৰ বাবেও সিদ্ধান্ত গ্রহণ কৰে। আনহাতে, সভাই কিৰনবন দেউৰী, মিলন সোণোৱাল আৰু প্রফুল্ল ঠেঙাল (শইকীয়া) ক আহ্বায়ক হিচাপে লৈ তিনিওটা জনজাতিৰ সংগঠনসমূহৰ এখন সমন্বয়ৰক্ষী সমিতি গঠন কৰি অনাগত দিনত এই সংগ্রামখনি যৌথভাৱে আগবঢ়াই নিয়াৰ পোষকতা কৰে।
সংবাদমেলত মিলন সোণোৱালে কয় যে কম জনসংখ্যা থকা সত্ত্বেও মিজোৰামত ১৯৫২ চনতে মাত্র ২৫ হাজাৰ জনসংখ্যা থকা লাখেৰ জনজাতিক ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰি স্বায়ত্তশাসন প্রদান কৰিছিল। লগতে কম জনসংখ্যা থকা চাকমা আৰু মাৰা জিলাতো এনেধৰণৰ স্বায়ত্তশাসন প্রদান কৰিছিল। সেইদৰে ত্ৰিপুৰাত ১৯৮২ চনতে কম জনসংখ্যাৰে স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰাৰ পাছত অসমৰ তৃতীয় বৃহৎ জনজাতি সোণোৱালসকল, যাৰ জনসংখ্যা ৪ লাখৰো অধিক, দেউৰীৰ প্ৰায় দুই লাখ আৰু এক লাখৰো অধিক জনসংখ্য থকা ঠেঙাল জনজাতিক ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন নিদিয়াৰ যুক্তি ক'ত বুলিও বক্তব্যত উল্লেখ কৰি এয়া আমাৰ প্ৰাপ্য অধিকাৰ বুলি দাবী কৰে। সোণোৱালে কম জনসংখ্যা থকা খাচী পাহাৰ, জয়ন্তীয়া আৰু গাৰো হিলছ ষষ্ঠ অনুসূচীত কেন্দ্ৰীয় চৰকাৰে অন্তৰ্ভুক্ত কৰাৰ কথাও প্ৰসংগক্রমে উল্লেখ কৰে। সংবাদমেলত দেউৰী জনজাতিৰ নেতা কিৰনবন দেউৰী আৰু ডাঃ আব্দুল দেউৰীয়েও গাতে বাস কৰি থকা তিনি জনজাতিক বাদ দি কিদৰে কেৱল তিৱা, মিচিং আৰু ৰাভাক অগ্ৰাধিকাৰ প্ৰদান কৰিলে সেয়া অন্যায় বুলি উল্লেখ কৰি বাকী তিনিটা জনজাতিকো এই তালিকাত অন্তর্ভুক্ত কৰাৰ বাবে দাবী উত্থাপন কৰে।
ৰাজ্যৰ ট্ৰাইবেল ছাব প্লেন এৰিয়াত বহিৰাগতৰ আগ্রাসন কৰা কাৰ্যত গভীৰ উদ্বেগ প্রকাশ কৰি অনাগত দিনত যৌথভাবে সংগ্রাম আগবঢ়াই নিব বুলি বক্তব্যত নেতাদ্বয়ে উল্লেখ কৰে। যিহেতুকে এই তিনি জনজাতিয়ে ষষ্ঠ অনুসূচীৰ বাবে দাবী অব্যাহত ৰাখিছে, সেইবাবে সংবাদমেলত থকা এই তিনি জনজাতিৰ নেতৃবৃন্দই বিশেষকৈ উজনি অসমত নিজ নিজ এলেকাক বাদ দি আন কোনো জনজাতিৰ এলেকা মেপত ভুলক্রমে হ'লেও অন্তর্ভুক্ত হ'ব নোৱাৰিব বুলি সকীয়াই দিয়ে। সংবাদমেলত কেউটা সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।